জোনাই, 30 ছেপ্টেম্বৰ : ক'ভিড পৰীক্ষাৰ নামত অৰুণাচল প্ৰদেশত দিন চলিছে ডকাইতি ৷ লিকাবালি আৰু ৰুকচিনৰ গেটেৰে অসমৰ পৰা অৰুণাচললৈ যোৱা প্ৰতিজন চালক-হেণ্ডিমেনৰ পৰা ক'ভিড পৰীক্ষাৰ নামত বলপূৰ্বকভাৱে 500 টকাকৈ সংগ্ৰহ কৰা হৈছে ৷ আনহাতে, ক'ভিড পজিটিভ ধৰা পৰিলে আইচ'লেশ্বনৰ নামত প্ৰতিজন লোকে দিনে ভৰিব লাগে 1800-2000 টকা ৷
মঙলবাৰে এনে কাৰ্যৰ প্ৰতিবাদ সাব্যস্ত কৰে চালক সন্থাই ৷ চালক সন্থাই চিলাপথাৰ জলকীয়া সূঁতিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি পৰিৱেশ উত্তাল কৰাৰ লগতে অৱৰোধ কৰে যান-বাহনৰ চলাচল ৷
চিকিৎসাৰ নামত টেবলেট এটা নিদিয়াকৈয়ে সপ্তাহ-দহ দিন ৰাখি ঘৰলৈ প্ৰেৰণ কৰাৰ লগতে ঘৰলৈ উভতাৰ সময়ত কোনো পৰীক্ষা কৰা নহয় বুলি অভিযোগ উত্থাপন হৈছে চালক সন্থাই ৷
ইপিনে অসমৰ লগতে অৰুণাচলৰ প্ৰশাসনলৈ পত্ৰ প্ৰেৰণৰ পিছতো কোনো ব্যৱস্থা গ্ৰহন কৰা নাই বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰতিবাদী ৰাইজে ৷
লগতে পঢ়ক : চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে ৰাজ্যজুৰি চাহ শ্ৰমিকৰ প্ৰতিবা