ETV Bharat / state

7 মাহৰ পাচত পোহৰলৈ আহিছে এটা জঘন্য ধৰ্ষণৰ ঘটনা

কন্যা শিশু সুৰক্ষা তথা শিশু নিৰ্যাতনকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবৰ বাবে চৰকাৰে ইখনৰ পিছত সিখন আঁচনি হাতত লোৱাৰ পিছতো দেশৰ সংঘটিত হৈ আছে ধৰ্ষণৰ দৰে জঘন্য ঘটনা ৷ এইবাৰ চিমেন চাপৰি থানাৰ অন্তৰ্গত চিমেন কৈৱৰ্ত গাঁৱত সংঘটিত হৈছে এক নাৰকীয় ঘটনা ৷

minor-girl-raped-in-simen-koibarta-village-of-simen-sapori
চাৰি সন্তানৰ পিতৃৰ কামনাৰ বলি এগৰাকী 14 বছৰীয়া নাবালিকা
author img

By

Published : Aug 10, 2021, 8:37 PM IST

Updated : Aug 12, 2021, 6:30 PM IST

জোনাই, 10 আগষ্ট : সাত মাহ পূৰ্বেই সংঘটিত হোৱা এক নাৰকীয় কাণ্ড ৷ ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ চিমেন কৈৱৰ্ত গাঁৱত সংঘটিত হৈছিল এই ঘটনা ৷ এজন চাৰি সন্তানৰ পিতৃৰ কামনাৰ বলি হৈছিল এগৰাকী 14 বছৰীয়া নাবালিকা ৷ সেই সময়ত উক্ত ঘটনাক গাপ দিয়া হৈছিল যদিও বৰ্তমান সময়ত পোহৰলৈ আহিছে সমষ্ট ঘটনা ৷

ধৰ্ষণৰ পাচত এই কথা কাকো জনোৱা নাছিল কিশোৰীগৰাকীয়ে ৷ কিন্তু এতিয়া সকলোৱেই জানিব পাৰিছে এই জঘন্য ঘটনাটোৰ কথা ৷ কাৰণ কিশোৰী গৰাকী এতিয়া অন্তঃসত্বা ৷

আপোনাৰ নিশ্চয় জানিবলৈ মন গৈছে কেনেকৈ সংঘটিত হৈছিল এই ঘটনা ৷ তাৰ বাবে উভতি যাব লাগিবল সাত মাহ আগলৈ ৷

চিমেন কৈৱৰ্ত গাঁৱৰ সৰু দাস ওৰফে গজেনে 7 মাহ পূৰ্বেই একেখন গাঁৱৰে এগৰাকী পিতৃহীনা নাবালিকাক ঘৰত কোনো নথকা অৱস্থাত প্ৰলোভন আৰু ভয় ভাবুকিৰে কৰিছিল বলাৎকাৰ ৷ ধৰ্ষণকাৰী সৰু দাসে নাবালিকা গৰাকীক বলাৎকাৰৰ কথা আনক ক’লে প্ৰাণে মাৰি চিমেন নদীত উটুৱাই দিয়াৰো ভাবুকি প্ৰদান কৰিছিল ৷ যাৰ বাবে ভুক্তভোগী নাবালিকা গৰাকীয়ে প্ৰাণৰ মমতাত লুকুৱাই ৰাখিছিল সকলো কথা ৷

কিন্তু যোৱা কেইদিনমানৰ পৰা নাবালিকা গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে আৰু লক্ষণবোৰ আচহুৱা যেন প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে ৷ পৰিয়ালৰ লোকে বহুবাৰ সোধপোচ কৰাৰ অন্তত অৱশেষত মুখ খুলিলে ধৰ্ষিতা নাবালিকা গৰাকীয়ে ৷ মাকক বিৱৰি ক’লে সৰু দাস ওৰফে গজেনে সংঘটিত কৰা অপকৰ্মৰ কথা ৷

লগতে পঢ়কঃ 10 কোটি টকীয়া বাকযুদ্ধ : অখিল গগৈ বনাম আমিনুল ইছলাম

ভুক্তভোগী গৰাকীয়ে সমগ্ৰ ঘটনা সকলো বিৱৰি কোৱাৰ পাছতে পৰিয়ালৰ লোকে সৰু দাসৰ বিৰুদ্ধে চিমেন চাপৰি আৰক্ষী থানাত এজাহাৰৰ দাখিল কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিত সোমবাৰে কৈৱৰ্ত গাঁৱৰ নিজ বাসগৃহৰ পৰা অভিযুক্ত সৰু দাসক আটক কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তৰ বিৰুদ্ধে শিশু সুৰক্ষা আইনৰ অধীনত 40/2021,376/506 IPC R/w Sec 6 of POCSO ধাৰাত গোচৰ ৰুজু কৰিছে ৷

নিজৰ অপকৰ্মৰ বাবে বুধবাৰৰ পৰা ৰঙা ঘৰৰ ভাত খাব লাগিব চিমেন কৈৱৰ্ত গাঁৱৰ নিবাসী চাৰি সন্তানৰ পিতৃ সৰু দাসে ৷

লগতে পঢ়কঃ গাহৰি চিণ্ডিকেটত জড়িত আছে নেকি একাংশ পশুপালন বিষয়া

Last Updated : Aug 12, 2021, 6:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.