ধেমাজি, 19 আগষ্ট : বান(Flood) পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মঙলবাৰে নিশা ধেমাজিত উপস্থিত হয় মন্ত্ৰী সঞ্জয় কিষাণ(Sanjoy Kishan) ৷ নিশাৰ ভাগতে ধেমাজিৰ বৰুৱাত বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানাক্ৰান্তৰ অভাৱ-অভিযোগৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷
বুধবাৰে তেওঁ টেকজুৰি বম’ন গাঁৱৰ জীয়াঢলৰ মথাউৰি আৰু কিছুদিন পূৰ্বে ছিঙি নিয়া গাইড বান্ধ পৰিদৰ্শন কৰে ৷ ইয়াৰ পাচতে ধেমাজি জীয়াঢল চাৰিআলিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ন-আলি ভজুগাঁও পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে বানাক্ৰান্তৰ বাবে খোৱাপানীৰ পৰা আৰম্ভ কৰি সকলো চৰকাৰী সাহায্য দিয়াৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰা বুলি জানিবলৈ দিয়ে ৷ ইফালে বুধবাৰৰ পৰা জীয়াঢলৰ পানীৰ সৈতে সহাৱস্থান কৰি এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে একাংশ ৰাইজে ৷
লগতে পঢ়ক : ভৱেশ কলিতাই ঘোষণা কৰিলে ৰাজ্যিক বিজেপিৰ নতুন সমিতি
এই দুৰ্দশাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথতে অতিশয় আবেগিক হৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে বানাক্ৰান্তই ৷ জীয়াঢল চাৰিআলিৰ পৰা ভজুগাঁৱলৈকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰি যোৱাৰ বাবে যাতায়াততো ব্যাপক সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত যান-বাহন আৰক্ষীয়ে স্থাপন কৰিছে বেৰিকেড ৷ উল্লেখ্য যে, বিধ্বংসী বানত জিলাখনৰ জীয়াঢল চাৰিআলি, ন-আলি ভজুগাঁও, হেচুলি, জালভাৰী, পাভমাৰী, চেঁচা, কেঁকুৰি, দিহিৰি, শালমাৰী, ঘেয়াৰী, চেঙেলী পথাৰকে ধৰি 20 খনৰো অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে ৷
লগতে পঢ়ক : প্ৰকৃততে কি ঘটিছে হেমনাথ শৰ্মা মহাবিদ্যালয়ত ?