ধেমাজি, 20 জুন : ৰাজ্যত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি (Assam Flood 2022) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাতো অতি শোচনীয় অৱস্থাত আছে বান পৰিস্থিতি (Flood in Dhemaji) ৷ ধেমাজিৰ প্ৰায়সংখ্যক অঞ্চলেই বানৰ কবলত পৰাৰ ফলত আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিছে বন্যাৰ্তসকল ৷ ইয়াৰোপৰি বহুতো লোকৰ কৃষিভূমিৰ লগতে পশুধনৰো যথেষ্ট ক্ষতিসাধন হৈছে ৷
শনিবাৰে ধেমাজি জিলাৰ বান পৰিস্থিতিৰ সন্দৰ্ভত বুজ ল’বলৈ ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ জিলাখনত উপস্থিত হয় (Minister Sanjay Kishan in Majuli) ৷ নিশাই ধেমাজি জিলাৰ উপায়ুক্তৰ (Dhemaji district DC) লগত এক বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী ৷ অভিভাৱক মন্ত্ৰীগৰাকীয়ে লখিমপুৰ আৰু ধেমাজিৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণৰ পাছতে নিশা আহি উপস্থিত হয় ধেমাজিৰ উপায়ুক্তৰ কাৰ্যালয়ত ৷
ইয়াৰ পাছতে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ মূৰব্বীসকলৰ উপস্থিতিত বান পৰিস্থিতিৰে মোকাবিলা কৰাৰ সন্দৰ্ভত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ৷ ইফালে আগন্তুক সময়ত বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে (Guardian Minister of Dhemaji) ৷
বৈঠক সমাপ্ত কৰি সংবাদমাধ্যমক সাক্ষাৎ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, পূৰ্বে জিলা উপায়ুক্তই বানত ক্ষতিগ্ৰস্তসকলৰ তথ্য দিছপুৰত জমা দিব লাগিছিল ৷ দিছপুৰৰ নিৰ্দেশনা মৰ্মেহে জিলা উপায়ুক্তই জিলাসমূহত ক্ষতিপূৰণ প্ৰদান কৰিব পাৰিছিল ৷ কিন্তু এইবাৰ এই নিয়ম সলনি কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্তসকলক প্ৰত্যক্ষভাৱে এই দায়িত্ব অৰ্পন কৰিছে ৷
এইবাৰৰ পৰা যিসকল লোক বানত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ তথ্য স্থানীয় বিভাগীয় কৰ্তৃপক্ষই উপায়ুক্তৰ হাতত জমা দিয়াৰ পাছতেই উপায়ুক্তই ততালিকে ক্ষতিপূৰণ প্ৰদান কৰিব পাৰিব ৷ ইয়াৰোপৰি বানাক্ৰান্তসকলৰ সুবিধাৰ্থে ঔষধ, খাদ্য সামগ্ৰীৰ লগতে পশুধনৰ সামগ্ৰীও পৰ্যাপ্ত পৰিমানে যোগান ধৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক : বান প্ৰতিৰোধৰ বাবে নলা খন্দাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ