ETV Bharat / state

চে'ডৰ উদ্যোগত ধেমাজিত মানসিক ৰোগৰ চিকিৎসা শিবিৰ - mental health camp at dhemaji

ধেমাজি অগ্ৰণী আৰ্থ-সামাজিক স্বেচ্ছাসেৱী সংস্থা চমুকৈ চে'ডৰ উদ্যোগত আৰু এণ্টৰ সহযোগত এটা মানসিক ৰোগৰ চিকিৎসা শিবিৰ অনুষ্ঠিত হয় । ইতিমধ্যে সংস্থাটোৱে 30 টা চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছে বুলি জানিবলৈ পোৱা গৈছে ৷

mental health camp at dhemaji
চে'ডৰ উদ্যোগত ধেমাজিত মানসিক ৰোগৰ চিকিৎসা শিবিৰ
author img

By

Published : Jun 7, 2020, 7:52 PM IST

ধেমাজি, 7জুনঃ ধেমাজিৰ অগ্ৰণী আৰ্থসামাজিক স্বেচ্ছাসেৱী সংস্থা চমুকৈ চে'ডৰ উদ্যোগত আৰু এণ্টৰ সহযোগত দেওবাৰে ধেমাজিৰ কোৱাফলাত এটা মানসিক ৰোগৰ চিকিৎসা শিবিৰ অনুষ্ঠিত হয় ।

ধেমাজিৰ কোৱাফলাত কৰ'ণাৰ আতংকৰ মাজতেই অগ্ৰণী আৰ্থ-সামাজিক স্বেচ্ছাসেৱী সংস্থা চমুকৈ চে'ড আৰু এণ্টে 30 টা চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছে আৰু ৩৫০ গৰাকী বিভিন্ন প্ৰকাৰৰ ৰোগীয়ে উক্ত শিৱিৰত পঞ্জীয়ন কৰিছে ।

চে'ডৰ উদ্যোগত ধেমাজিত মানসিক ৰোগৰ চিকিৎসা শিবিৰ

ইয়াৰ জৰিয়তে জিলাখনৰ ভালেসংখ্যক ৰোগীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষমো হৈছে । উল্লেখ্য যে ২০১৮ চনৰ পৰা বিভিন্ন মানসিক ৰোগীসকলক চিনাক্ত কৰি চিকিৎসকৰ জৰিয়তে চিকিৎসা প্ৰদান কৰি আহিছে সংস্থাদুটাই । লকডাউনৰ সময়চোৱাত ৰোগীসকলৰ চিকিৎসাৰ লগতে ঔষধ পাতি সময়মতে দিব নোৱাৰাত সমস্যাৰ সৃষ্টি হৈছিল যদিও ৰোগীসকলৰ ঘৰে ঘৰে গৈ ঔষধ পাতিৰ যোগান ধৰিছিল সংস্থাটোৰ সদস্য সকলে । বৰ্তমান লকডাউন কিছু শিথিল হোৱাত সামাজিক দূৰত্ব মানি পুনৰ এই শিবিৰ অনুষ্ঠিত কৰিছে বুলি চে'ডৰ সচিব নৱজ্যোতি দত্তই সাংবাদিকৰ আগত সদৰী কৰে ।

লগতে পঢ়ক- শীঘ্ৰেই বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.