ধেমাজি, 4 ছেপ্টেম্বৰ : কৰ’ণাৰ আতংকৰ মাজতেই বৃহস্পতিবাৰে ধেমাজি টেকজুৰি অঞ্চলত নিশা আবতৰীয়া দেৱালী আৰু বিহুৱে ৰাজপথ উছৱমুখৰ হৈ পৰিল ৷ আচলতে চৰকাৰে অসমৰ মটক জনগোষ্ঠীক স্বায়ত্ত্বশাসিত পৰিষদ দিয়াৰ সিদ্ধান্তক আদৰণি জনাই জনগোষ্ঠীটোৰ কেইবাটাও ছাত্ৰ সংগঠনে ৰাজপথত ফটকা ফুটাই আৰু বিহু মাৰি আনন্দ প্ৰকাশ কৰে ৷ এইক্ষেত্ৰত ধেমাজি টেকজুৰি আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনৰ সম্পাদক প্লাৱন বৰুৱাই কয় যে জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া অন্যতম দাবী পূৰণ কৰাৰ বাবে বিজেপি চৰকাৰক ধন্যবাদ জনায় ৷ লগতে ইয়াাৰ আঁওতাত পাবলগীয়া সকলো সা-সুবিধাখিনি জনগোষ্ঠীৰ মানুহে পোৱাটো নিশ্চিত কৰিবলৈ অনুৰোধ জনাইছে ৷
লগতে পঢ়ক : চাপৰত আক্ৰাছুৰ কাৰ্য্যালয়ে কাৰ্য্যালয়ে এতিয়া আবতৰীয়া দিপাৱলী