ETV Bharat / state

জোনাই কৃষি কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাৰ তলাবন্ধ কাৰ্যসূচী ৰূপায়ন

author img

By

Published : Aug 6, 2020, 6:59 PM IST

বৃহস্পতিবাৰে ধেমাজি জিলাৰ জোনাইত জোনাই মহকুমা ছাত্ৰ সন্থাই তলাবন্ধ কাৰ্যসূচী ৰূপায়ন কৰে ৷ জোনাই কৃষি কাৰ্যালয়ৰ সন্মুখত এই কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷ কৃষক সকলক বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ সংগঠনটোৰ ৷ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ ৷

MASSIVE PROTEST IN DHEMAJI DISTRICT JONAI
জোনাই কৃষি কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাৰ তলাবন্ধ কাৰ্যসূচী ৰূপায়ন

জোনাই, ৬ আগষ্ট : ধেমাজি জিলাৰ জোনাই মহকুমাত কৃষি কৰ্মৰ লগত জড়িত লোক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে জোনাই মহকুমা ছাত্ৰ সন্থাই জোনাই কৃষি কাৰ্যালয়ত তলাবন্ধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জোনাই মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰি কৃষিভূমি নষ্ট হোৱাৰ লগতে বহুতো লোকৰ ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতি সাধন হৈ আহিছে ৷ কিন্তু পৰিতাপৰ বিষয় যে, জোনাই মহকুমাত কৃষি কাৰ্যালয় থকাৰ পিচতো এই কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকলে কাৰ্যালয়ত উপস্থিত নাথাকি কৃষি কৰ্মৰ লগত জড়িত লোকসকলক বিভিন্ন সুবিধাৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগ উখাপন হৈ আহিছে ৷

ইয়াৰ উপৰিও কৃষকসকলক উন্নত মানৰ বীজ, সাৰ আৰু কীটনাশক দ্ৰব্য যোগান ধৰাত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উখাপন হৈ আহিছে ৷ অসম চৰকাৰৰ এনে কাৰ্যৰ প্ৰতি লক্ষ্য ৰাখি জোনাই মহকুমা ছাত্ৰ সন্থাই কৃষক সকলৰ বাবে বিভিন্ন কৃষি সামগ্ৰীৰ লগতে ৰবি শস্যৰ পৰ্যাপ্ত পৰিমাণৰ বীজ, ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য সমূহ যোগান ধৰিবলৈ আজিৰ এই তলাবন্ধ কাৰ্যসূচীৰ জৰিয়তে দাবী জনায় ৷ লগতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জোনাই মহকুমাৰ অন্তৰ্গত সাধাৰণ কৃষি কৰ্মত জড়িত লোক সকলৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ উপৰিও কৃষক সকলক 80 শতাংশ সুবিধা প্ৰদান কৰাৰ দাবী উখাপন কৰে ৷ লগতে, কৃষি কাৰ্যালয়ৰ কৰ্মচাৰী সকলক তদন্ত কৰি উচিত শান্তি প্ৰদান কৰিবলৈ জোনাই মহকুমা ছাত্ৰ সন্থাই দাবী জনায় ৷

আনহাতে, তলাবন্ধ কাৰ্যসূচীৰ অন্তত জোনাই মহকুমাত কৃষি কৰ্মত জড়িত লোক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে জোনাই মহকুমা ছাত্র সন্থাৰ সভাপতি ৰঞ্জিত বসুমতাৰী আৰু সাধাৰণ সম্পাদক নয়নজ্যোতি বৰাৰ স্বাক্ষৰিত এখন স্মাৰকপত্ৰ কাৰ্যবাহী দণ্ডাধীশ প্ৰীতম কুমাৰ দাসৰ হাতত অৰ্পণ কৰে ৷ স্মাৰকপত্ৰ খন জোনাই মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় বুলি দণ্ডাধীশ গৰাকীয়ে জানিবলৈ দিয়ে ৷ লগতে, কৃষিমন্ত্ৰী, অসম চৰকাৰ,মহকুমা কৃষি বিষয়া জোনাই, ধেমাজি জিলা উপায়ুক্তলৈ প্ৰতিলিপি প্ৰেৰণ কৰা হয় ৷

উল্লেখ্য যে, তলাবন্ধ কাৰ্যসূচীত ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰাজীৱ গগৈ, সহকাৰী সম্পাদক সঞ্জীৱ দাস, মুখ্য সাংগঠনিক সম্পাদক দিলীপ কুটুম, তথ্য সম্পাদক দেৱজিত মৰান, জোনাই মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত বসুমতাৰী, সাধাৰন সম্পাদক নয়নজোতি বৰুৱাৰ লগতে জোনাই মহকুমা ছাত্ৰ সন্থাৰ আঞ্চলিকৰ সভাপতি, সম্পাদকৰ লগতে কৰ্মকৰ্তা সকল উপস্থিত থাকে ৷

লগতে পঢ়ক : বিকাশ ডুবে ঘটনাৰ প্ৰতিবেদন দাখিলৰ সময়সীমা অতিৰিক্ত চাৰি সপ্তাহলৈ বৃদ্ধি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.