ETV Bharat / state

কৃষক আইন বাতিলৰ দাবীত জোনাইত কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ - বিজেপি চৰকাৰ

জোনাইত কংগ্ৰেছৰ প্ৰতিবাদ ৷ কৃষক আইন বাতিলৰ দাবীত কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ বিভিন্ন শ্ল'গানৰে পৰিৱেশ উত্তাল প্ৰতিবাদকাৰীৰ ৷

Massive Protest By Congress In Jonai, demanding against farmar's Act 2020
কৃষক আইন বাতিলৰ দাবীত জোনাইত কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন
author img

By

Published : Oct 10, 2020, 5:04 PM IST

জোনাই, 10 অক্টোবৰ : বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী তিনিখনকৈ আইন গৃহীত কৰাৰ প্ৰতিবাদত শনিবাৰে জোনাইৰ মুৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু শাখা সংগঠনৰ সমূহৰ সহযোগত ৰাংকপ তিনিআলিত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়

প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত ধেমাজি জিলা কংগ্ৰেছ কমিটীৰ উপ-সভাপতি বিজয় পেগু, মুৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি সঞ্জয় পেগু, মুৰ্কংচেলেক ব্লক যুৱ কংগ্ৰেছৰ হিতেশ পেগু,অসম প্ৰদেশৰ জিলা যুৱ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক বিজু পেগু লগতে শতাধিক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে কৃষক বিৰোধী তিনিখনকৈ আইন গৃহীত কৰাৰ প্ৰতিবাদত অংশ লয় ।

প্ৰতিবাদকাৰীসকলে এই সময়চোৱাত কৃষিখণ্ডৰ বেচৰকাৰীকৰণ বন্ধ কৰক, কৃষক বিৰোধী আইন বাতিল কৰক, ৰাজহুৱা সংগ্ৰহ ব্যৱস্থা বেচৰকাৰীকৰণ বন্ধ কৰক,চাউল,আলু,পিয়াঁজ,দাইল,তেল জাতীয় খাদ্যক অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ পৰা বাদ দিয়া নচলিব, ৰাজ্য চৰকাৰ সমূহৰ অধিকাৰ খৰ্ব কৰা নচলিব, বিজেপি চৰকাৰ মূৰ্দাবাদ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হায় হায় আদি বিভিন্ন শ্ল'গানৰে উত্তাল কৰি তোলে পৰিৱেশ ৷

লগতে পঢ়ক : কলিতা জনগোষ্ঠীয়ে আহ্বান কৰা অসম বন্ধৰ প্ৰভাৱ পৰিল ডুমডুমা, ৰূপাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.