ETV Bharat / state

Massive erosion: অস্তিত্বৰ সংকটত জোনাইৰ কেইবাখনো গাঁও

author img

By

Published : Jun 18, 2022, 3:51 PM IST

Updated : Jun 18, 2022, 4:41 PM IST

বানপানীৰ লগতে গৰাখহনীয়াই ধেমাজি জিলাত ভয়ংকৰ ৰূপ লৈছে (Erosion in Dhemaji)। জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত চেঙাজান গোৱালা গাঁৱৰ আটাইবোৰ ঐতিহাসিক সমল নদীৰ বুকুত জাহ গৈছে । গাঁওখনো অস্তিত্বৰ সংকটত ।

Massive erosion: অস্তিত্বৰ সংকটত জোনাইৰ কেইবাখনো গাঁও
অস্তিত্বৰ সংকটত জোনাইৰ কেইবাখনো গাঁও

জোনাই, ১৮ জুন : ৰাজ্যৰ ভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ লৈছে (Flood situation of Assam)। প্ৰতিখন নৈ-উপনৈ ওফন্দি উঠিছে । প্ৰায় জিলাই বানৰ কৱলত পৰিছে । ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তত বহু অঞ্চল প্লাৱিত হৈছে (Floods in Dhemaji)।

জোনাই ৰাজহ চক্ৰৰ চেঙাজান গোৱালা গাঁৱত ব্ৰহ্মপুত্ৰৰ বান আৰু খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে । যোৱা দুসপ্তাহ ধৰি হৈ থকা খহনীয়াৰ পাছতেই চেঙাজান গোৱালা গাঁৱৰ অস্তিত্বৰ প্ৰতি সংকট নামি আহিছে (Several villages of Jonai in crisis of existence)। ইতিমধ্যে গৰাখহনীয়াৰ ফলত গাঁওখনৰ ঐতিহাসিক কালি মন্দিৰটো নদীৰ বুকুত জাহ গৈছে ।

যোৱা ১২ জুনত চেঙাজান গোৱালা গণেশ মন্দিৰ আৰু চেঙাজান গোৱালা গাঁৱৰ ৰাজহুৱা ভৱনটোও ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যোৱাৰ পাছত শিৱমন্দিৰটোও নিঃশেষ হৈ যায় । আনহাতে চেঙাজান ইন্দিৰা হিন্দী প্ৰাথমিক বিদ্যালয় আৰু চেঙাজান গোৱালা অংগণবাড়ী কেন্দ্ৰটোও ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ ফলত চেঙাজান গোৱালা গাঁৱৰ এটাও ঐতিহাসিক ৰাজহুৱা মঠ-মন্দিৰ, অনুষ্ঠান, শিক্ষানুষ্ঠান বুলিবলৈ নোহোৱা হ'ল (Massive erosion in Jonai)।

Massive erosion: অস্তিত্বৰ সংকটত জোনাইৰ কেইবাখনো গাঁও

চৰকাৰ তথা প্ৰশাসনক বিভিন্ন সময়ত খহনীয়া সন্দৰ্ভত অভিযোগ দিয়াৰ পাছত আজিলৈ কোনো ধৰণৰ উচিত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই আজি চেঙাজান গোৱালা গাঁৱৰ এটা এটাকৈ মঠ-মন্দিৰ, ৰাজহুৱা অনুষ্ঠান ব্ৰহ্মপুত্ৰৰ বুকুত নিমিষতে উছন হ'ল । বানৰ ফলত গাঁওখনৰ কেইবাটাও পৰিয়াল গৃহহীন হৈ পৰিছে । ইফালে বহু কেইটা পৰিয়ালে ঘৰৰ সা-সামগ্ৰী লৈ আন নিৰাপদ ঠাইত আশ্ৰয় লৈছে । আনহাতে তৎকালীনভাৱে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে চেঙাজান গোৱালা গাঁৱৰ অৱশিষ্ট পৰিয়ালসমূহৰো ঘৰ, কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত উছন যোৱাটো নিশ্চিত হৈ পৰিছে ।

জোনাই ৰাজহ চক্ৰৰ চমকং গাঁও পঞ্চায়তৰ চেঙাজান কৈৱৰ্ত, অপ্সৰা, চেঙাজান ফেৰীঘাট, লালী আৰু সৌৰাংশ্ৰী গাঁৱতো বিধ্বংসী ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই । সমান্তৰালকৈ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ জামুগুৰী, উলুৱনী অঞ্চলতো বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে । দিখাৰী নদীৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি পেলাইছে ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ উলুৱনী, জামুগুৰী অঞ্চলৰ পোন্ধৰখনৰো অধিক গাঁও ।

শতাধিক পৰিয়ালৰ ঘৰ, কৃষিভূমি জলমগ্ন হৈ পৰিছে আনহাতে পশুধনৰ খাদ্যৰো ব্যাপক নাটনি হোৱা দেখা গৈছে । সমান্তৰালকৈ নদী দ্বীপ মেচাকি চাপৰিত ব্ৰহ্মপুত্ৰৰ বান-খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে । মেচাকি চাপৰিৰ বুঢ়ীয়া চাপৰি গাঁৱৰ কেইবাটাও পৰিয়াল সংকটত পৰা দেখা গৈছে ।

উল্লেখ্য যে প্ৰায় ২৮ খন গাঁও থকা মেচাকি চাপৰিত বছৰ বছৰ ধৰি খহনীয়াৰ সৃষ্টি হৈ আহিছে যদিও আজিলৈ কোনো চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে নল'লে । এতিয়া নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰাৰ বাহিৰে যেন কোনো বিকল্প নাই বানাক্ৰান্ত ৰাইজৰ বাবে ।

লগতে পঢ়ক :ৰাজ্যত বানৰ বিভীষিকা অব্যাহত: ২৮ জিলাৰ ৮৪,৩৪৩১ লোক ক্ষতিগ্ৰস্ত

Last Updated : Jun 18, 2022, 4:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.