জোনাই, 4 অক্টোবৰ : জোনাইৰ মালভোগ গাঁৱত শনিবাৰে সংঘটিত হোৱা এক বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল দুটাকৈ ঘৰ । জানিব পৰা মতে, জোনাইৰ চিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত মালবোক মিচিং গাঁৱৰ নিবাসী লবিৰাম নৰহৰ ঘৰত শনিবাৰ নিশা প্ৰায় 11 টা বজাত ঘৰত সকলোৱে শুই থকা অৱস্থাত হঠাৎ পাকঘৰৰ পৰা জলি উঠে জুই ।
![Massive Fire In Jonai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9049500_ddaa.jpg)
উল্লেখ্য যে, পাকঘৰত শুই থকা দুজন লোকে কোনোমতে বাহিৰলৈ দৌৰি প্ৰাণ ৰক্ষ্য পৰে । ইফালে, এটা চিলিণ্ডাৰ বিস্ফোৰণ হৈ অধিক ভয়ংকৰ হৈ পৰে অগ্নিকাণ্ড । ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা লবিৰাম নৰহৰ পৰিয়ালৰ ঘৰৰ কোনো ধৰণৰ বয় বস্তু উলিয়াব নোৱাৰাত ঘৰৰ সকলো সম্পত্তি জাহ যায়ত জুইত । অগ্নিকাণ্ডত জাহ গৈছে কেইবা লাখ টকাৰ সা-সম্পত্তি । বৰ্তমান গৃহহীন হৈ পৰিছে লবিৰাম নৰহ নামৰ লোকজনৰ পৰিয়াটোৱে ।
লগতে পঢ়ক : SI কাণ্ড সন্দৰ্ভত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া