জোনাই, 17 অক্টোবৰ : ধেমাজি জিলাৰ জোনাইত 16 অক্টোবৰৰ দিনা মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠন টি এম পি কে 49 তম প্ৰতিষ্ঠা দিৱস উপলক্ষে নিশা অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ সময়তে ঘৰত কোনো নথকাৰ সুযোগ লৈ দুস্কৃতিকাৰীয়ে জ্বলাই দিয়াৰ সন্দেহ কৰিছে এটা পৰিয়ালৰ বাসগৃহ ।

জানিব পৰা মতে, জোনাইৰ গালীঘাটৰ মুণমুনি জীয়াধল গাঁৱত শুকুৰবাৰে নিশা প্ৰায় 8 বজাত টি এম পি কে প্ৰতিষ্ঠা দিৱস উপলক্ষে চলি থকা সাংস্কৃতিক সন্ধিয়া গাঁওখনৰ ৰাইজে উপভোগ কৰি থকাৰ সময়তে গাঁওখনৰ তথা মিচিং মিমাগ কেবাং গালি আঞ্চলিক সমিতিৰ সদস্য ভাইটি দলেৰ ঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷
পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, ঘৰত কোনো নথকাৰ সুযোগ লৈ কোনোবা দুস্কৃতিকাৰীয়ে জ্বলাই দিয়াৰ সন্দেহ কৰিছে । ইফালে, গাঁওখনৰ ৰাইজে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰি থকাৰ ফলত ঘৰখনৰ কোনো সামগ্ৰী উলিয়াব নোৱাৰাত সকলো সা- সম্পত্তি জাহ যায় জুইত ।
লগতে পঢ়ক : মিথুন চক্ৰৱৰ্তীৰ পুত্ৰ মহাক্ষয়ৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ