ETV Bharat / state

Erosion in Jonai : খহনীয়াৰ কৱলত জোনাইৰ এটা অতি গুৰুত্বপূৰ্ণ পথ

author img

By

Published : Jul 20, 2022, 5:31 PM IST

সাধাৰণ বৰষুণতে খহনীয়া আৰম্ভ হৈছে জোনাই এটা গড়কাপ্তানি পথত (Erosion begins in normal rain in Jonai)। পথটোৰ মেৰামতিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ । যিকোনো মুহূৰ্তত সদৰৰ সৈতে কেইবাখনো গাঁৱৰ যোগাযোগ বিচ্ছিন্ন হ'ব পাৰে ।

Erosion in Jonai
খহনীয়াৰ কৱলত জোনাইৰ এটা অতি গুৰুত্বপূৰ্ণ পথ

জোনাই ২০ জুলাই : শেহতীয়াকৈ অসমৰ প্ৰতিখন জিলাতে বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল (Floods affects Assam)। বান পৰিস্থিতি বৰ্তমান উন্নত হৈছে । কিন্তু যোৱা কিছুদিন ধৰি কোনো কোনো জিলাত ধাৰাষাৰ বৰষুণ হোৱা দেখা গৈছে । যাৰ বাবে পুনৰ সেই অঞ্চলৰ ৰাইজ বান পৰিস্থিতিক লৈ শংকিত হৈ পৰিছে । ইফালে গৰাখহনীয়াৰ সমস্যাইও কোনো কোনো স্থানত আতংকৰ সৃষ্টি কৰিছে ।

ধেমাজি জিলাত যোৱা দুদিন ধৰি হৈ থকা বৰষুণৰ ফলত ঠায়ে ঠায়ে খহনীয়াই ভয়ংকৰ ৰূপ লৈছে (Erosion in Dhemaji)। বিশেষকৈ জোনাই সদৰত খহনীয়াই কালৰূপ ধাৰণ কৰিছে । সদৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ পথত বৃহত্তৰ বেৰা চাপৰি অঞ্চল ।

জোনাই সদৰৰ পৰা বাহিৰ জোনাই, লুহিজান-ৰুহিতপুৰ দেউৰী হৈ বৃহত্তৰ বেৰা চাপৰি অঞ্চলৰ প্ৰায় ২০ খনৰো অধিক গাঁৱলৈ যোৱা একমাত্র গড়কাপ্তানি পথৰ কেইবা ঠাইতো বৰষুণৰ পানীয়ে খহনীয়াৰ সৃষ্টি কৰিছে । পথটোৰ কেইবাটাও অংশ খহাই নিয়াত যিকোনো মুহূৰ্তত পথটো সম্পূৰ্ণ খহি যোৱাৰ উপক্ৰম হৈছে ।

জানিব পৰা মতে উক্ত গড়কাপ্তানি পথটো নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে । ঠিকা লাভ কৰা ঠিকাদাৰে বিভাগীয় বিষয়া-অভিযন্তাৰে মিলি অতি নিম্নমানেৰে আৰু বালিৰে নিৰ্মাণ কৰিছিল পথটো । যাৰ বাবে সাধাৰণ বৰষুণৰ পানীয়ে পকী পথটো খহাই নিছে । ফলত যিকোনো সময়ত পথটো সম্পূৰ্ণ খহি যোগাযোগ বিচ্ছিন্ন হোৱাৰ আশংকাই দেখা দিছে ।

ফলস্বৰূপে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ এতিয়া চিন্তিত হৈ পৰিছে । লক্ষণীয়ভাৱে সেই পথটোৰ বাহিৰে উক্ত অঞ্চলটো সংযোগ কৰাৰ বিকল্প পথ নাই । স্কুল-কলেজকে ধৰি চিকিৎসা, ব্যৱসায় আদিৰ বাবে বৃহত্তৰ অঞ্চলটোৰ শ শ লোকে দৈনিক সেই পথেৰেই জোনাই সদৰলৈ অহা যোৱা কৰে । কিন্তু ইমানৰ পিছতো জোনাই গড়কাপ্তানি বিভাগ তথা ঠিকাদাৰে পথটোৰ সঠিক ৰূপত মেৰামতি নকৰাৰ অভিযোগ কৰিছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক :Historical Arimattha tassel: নিশ্চিহ্ন হোৱাৰ দিশে ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.