ETV Bharat / state

জোনাইত সংশোধীত নাগৰিকত্ব আইনৰ বিৰুদ্ধে 3 সহস্ৰাধিক ৰাইজৰ গণ সত্যাগ্ৰহ

author img

By

Published : Dec 17, 2019, 10:10 AM IST

30 টা জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত জোনাইত গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল সমগ্ৰ জোনাই ৷

mass satyagraha
ৰাইজৰ গণ সত্যাগ্ৰহ

জোনাই , 17 ডিচেম্বৰঃ চি(এ)এ বিৰুদ্ধে সৰ্বত্ৰে আন্দোলন অব্যাহত থকাৰ সময়তে সোমবাৰে সমগ্ৰ ৰাজ্যজুৰি সত্যাগ্ৰহ আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ জোনাই মহকুমা, জোনাই আঞ্চলিক ছাত্ৰ সন্থা আৰু 30 টা জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আৰু সমূহ জোনাইবাসীৰ সহযোগত এই গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ সমাজৰ জ্যেষ্ঠ, শিল্পীৰ লগতে সকলো দল সংগঠনে জাতি ধৰ্ম নিৰ্বিশেষে স্বতঃফূৰ্তভাৱে ওলাই আহি জোনাইত সংশোধীত নাগৰিকত্ব আইনৰ বাতিল কৰাৰ দাবীত এই বৃহৎ গণ সত্যাগ্ৰহ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ।

সংশোধীত নাগৰিকত্ব আইনৰ বিৰুদ্ধে 3 সহস্ৰাধিক ৰাইজৰ গণ সত্যাগ্ৰহ

জোনাইৰ টাউন ক্লাৱত তিনিসহস্ৰাধিক ৰাইজ সমবেত হৈ জোনাই বজাৰৰ পৰা মহকুমাধিপতি কাৰ্যালয়ৰ সমুখেদি এক সমদল কৰি ৰাংকপ তিনিআলিলৈকে গণ সত্যাগ্ৰহ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ইয়াৰোপৰিও প্ৰতিবাদী ৰাইজে এঘন্টা ধৰি পথ আৱৰোধ কৰে ৷ লগতে তেওঁলোকে 'সৰ্বানন্দৰ কাম নাই' , 'হিমন্ত বিশ্ব লেই লেই চেই চেই' , 'নৰেন্দ্ৰ মোডী মুৰ্দাবাদ' , 'সৰ্বা তুমি মিছলিয়া' আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । উল্লেখ্য যে, পুৱা 6 বজাৰ পৰা জিলাখনত দোকান পোহাৰৰ লগতে যান বাহনৰ চলাচল আৰম্ভ হৈছিল যদিও দুপৰীয়া 12 বজাৰ লগে লগে পুনৰ সম্পূৰ্ণভাৱে বন্ধ হৈ পৰে সম্পূৰ্ণ জোনাই অঞ্চল ৷

লগতে পঢ়ক - নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোচৰ অসম ৰাজ্যিক জমিয়তৰ

Intro:Body:জোনাইত নাগৰিকত্ব সংশোধনী বিধেয়কখন (২০১৬) আইনৰ বিৰুদ্ধে আছু উদ্যোগত ৩০ টা জনগোষ্ঠীয় সংগঠনৰ সত্যগ্ৰহ আন্দোলন/চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল জোনাইঅঞ্চল।

জোনাই 17 ডিচেম্বৰ

কেবৰ বিৰুদ্ধে সৰ্বত্ৰ আন্দোলন অব্যাহত থকাৰ সময়ত আজি পৰা সমগ্ৰ ৰাজ্যজুৰি সত্যাগ্ৰহ আন্দোলন৷ জোনাই মহকুমা, জোনাই আঞ্চলিক ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আৰু সমূহ জোনাইবাসীৰ সহযোগত সমাজৰ জ্যেষ্ঠ , শিল্পী, সকলো দল সংগঠন, জাতি , ধৰ্ম নিৰ্বিশেষে স্বত:ফূৰ্তভাৱে ওলাই আহি জোনাইতো আজি নাগৰিকত্ব সংশোধনী বিধেয়কখন (২০১৬) আইনৰ বাতিল কৰাৰ দাবীত এক বৃহৎ গণ সত্যাগ্ৰহ প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে, আজি দুপৰীয়া ভাগত জোনাইৰ টাউণ ক্লাৱত তিনিসহস্ৰাধিক ৰাইজ  সমবেত হয়। ইয়াৰ পিছতে সমদল কৰি গৈ জোনাই বজাৰ হৈ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখেদি সমদল কৰি ৰাংকপ তিনিআলিলৈকে গণ সত্যাগ্ৰহ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰায় এঘন্টা ধৰি পথ আৱৰোধ কৰি জাতিধংসী  বিধেয়ক কেব বাতিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজে "কাম নাই কাম নাই; সৰ্বানন্দৰ কাম নাই, হিমন্ত বিশ্ব লেই লেই চেই চেই, নৰেন্দ্ৰ মোডি মুৰ্দাবাদ, বিজেপি চৰকাৰ হুঁচিয়াৰ, ইনক্লাৱ জিন্দাবাদ" সৰ্বা তুমি মিছলিয়া, কেব আমাক নালাগে, জয় আই অসম আদি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে জোনাইঅঞ্চল। লগতে বহু বিতৰ্কিত বিধেয়ক খন প্ৰত্যাহাৰৰ দাবীত চৰকাৰক চোকা সমালোচনা কৰে। আজি পুৱা ৬ বজাৰ পৰা দোকান পোহাৰৰ লগতে যান বাহনৰ চলাচল আৰম্ভ হয় যদিও দুপৰীয়া ১২ বজাৰ লগে লগে পুনৰ সম্পূৰ্ণভাৱে বন্ধ হৈ পৰে জোনাই অঞ্চলটো।

কৰবী দলেConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.