ETV Bharat / state

অসম চৰকাৰৰ স্বয়ম আঁচনিৰ পুনৰীক্ষণত ভিৰ

author img

By

Published : Nov 18, 2020, 6:42 PM IST

ধেমাজিৰ কাছাৰী ময়দানত ক’ভিড প্ৰট’কল দলিয়াই অসম চৰকাৰৰ স্বয়ম আঁচনিৰ আবেদনকাৰীৰ ভিৰ । জিলাখনৰ ধেমাজি,গোগামুখ,চিলাপথাৰ আৰু জোনাইৰ পৰা অহা শ শ আবেদনকাৰীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে কাছাৰী ময়দানত ।

gathering
gathering

ধেমাজি, 18 নবেম্বৰ : অসম চৰকাৰৰ স্বয়ম আঁচনিৰ জৰিয়তে দহ জনীয়া শিক্ষিত নিবনুৱা আত্ম সহায় গোটলৈ আৰ্থিক পুঁজি আগবঢ়োৱাৰ দিহা কৰা হৈছে ৷ আঁচনিৰ মোকোলাই দিয়া উদ্দেশ্যেৰে নিৰ্দিষ্ট সময়ত অনলাইন জৰিয়তে প্ৰ-পত্ৰ গ্ৰহণ কৰিছিল কৰ্তৃপক্ষই । ধেমাজি জিলাত মঙলবাৰৰ পৰা বুধবাৰলৈকে কাছাৰী ময়দানত সেইসমূহ আবেদনৰ পুনৰীক্ষণৰ কাম নিদিষ্ট বিষয়া-কৰ্মচাৰীৰ দ্বাৰা সম্পন্ন কৰা হৈছে । জিলাখনৰ ধেমাজি, গোগামুখ, চিলাপথাৰ আৰু জোনাইৰ পৰা অহা শ শ আবেদনকাৰীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে কাছাৰী ময়দানত ।

অসম চৰকাৰৰ স্বয়ম আঁচনিৰ পুনৰীক্ষণত ভিৰ

বিশেষকৈ মঙলবাৰে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়, কাছাৰী ময়দানৰ লগতে সমগ্র নগৰখনতে এক অভূতপূৰ্ব জনসমাৱেশ ঘটিছিল । বুধবাৰে কিছু হ্ৰাস পাইছে যদিও কেইবাশতাধিক লোকে দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে । মন কৰিবলগীয়া যে কৰ’ণা আতংক স্তিমিত হোৱা বুলি গণ্য কৰাৰ পাচত প্ৰথম বাৰৰ বাবে এনেদৰে ক’ভিড প্ৰটকল দলিয়াই হিল দ'ল ভাঙি ওলাই আহিল অগণন লোক ।

লগতে পঢ়ক : ৰিদম সাংস্কৃতিক গোষ্ঠীৰ পদক্ষেপক প্ৰশংসা সৰভোগবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.