জোনাই ৩ মে': দেওবাৰে ধেমাজি জিলাৰ জোনাই মহকুমা আৰু অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ ৰুকচিন মহকুমাৰ সীমান্তৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত ৰুকচিন চেকগেট হৈ চুবুৰীয়া আৰুণাচলত আৱদ্ধ বহু লোক অসমলৈ ঘূৰি আহে ৷ মাৰাত্মক ক'ৰণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে লকডাউন চলি থকাৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ পৰা অসমৰ লোকসকলক দেওবাৰে নিজ নিজ ৰাজ্যলৈ ঘূৰি যোৱাৰ অনুমতি প্ৰদান কৰাৰ পাচতে অসমলৈ ঘূৰি আহে লোকসকল ।
৪১ দিনীয়া লকডাউনৰ সময়ত চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পাছিঘাট, মেৱ, য়িংকিয়ং, আল, ৰুকচিন আদি বিভিন্ন ঠাইৰ পৰা অসমলৈ উভতি অহা লোকসকলক জোনাই আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰে ৷ তদুপৰি অৰুণাচলৰ পৰা অসমলৈ উভতি অহা লোকসকলক হাতত ষ্টাম্প মাৰি ১৪ দিনৰ বাবে হোম কোৱাৰান্টাইনত থাকিবলৈ পৰামৰ্শ দিয়া হয় বুলি মহকুমা স্বাস্থ্য বিষয়া ড০ কিশোৰ কামানে জানিবলৈ দিয়ে ৷
অৰুণাচল প্ৰদেশৰ পৰা উভতি অহা লোকসকল অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, শোনিতপুৰ, বিশ্বনাথ, গোগামুখ, লক্ষীমপুৰ, ধেমাজি, চিলাপথাৰ আৰু জোনাইৰ বিভিন্ন অঞ্চলৰ ৷ জোনাই মহকুমাৰ ওচৰৰ লোকসকল নিজে ঘৰলৈ যোৱাৰ বিপৰীতে জোনাই মহকুমাৰ আন আন অঞ্চল আৰু ধেমাজি জিলাৰ দূৰণিবটিয়া অঞ্চলৰ লোক সকলৰ লগতে জিলাখনৰ বাহিৰৰ লোকসকলক আৰক্ষী প্ৰশাসনে ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰে ৷ দেওবাৰৰ দিনটোত ১৪৯ গৰাকী লোক ৰুকচিন চেকগেট হৈ অসমলৈ উভতি আহিছে বুলি জানিবলৈ দিয়া হৈছে ৷