ETV Bharat / state

Man loses life of snake bite: সৰ্প দংশন আৰু অন্ধবিশ্বাসৰ এক আচৰিত কাহিনী...

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 6:03 PM IST

সাপে খোঁটাৰ পিচত প্ৰথমে নিলে বেজৰ ওচৰলৈ, তাৰ পিচতহে গ’ল চিকিৎসকৰ ওচৰলৈ ৷ হায় 21 শতিকা !

Man dies after being bitten by a snake at jonai
সৰ্প দংশনত মৃত্যু
সৰ্প দংশনত মৃত্যু

জোনাই, 16 ছেপ্টেম্বৰ : সৰ্প দংশনত মৃত্যু হোৱা মোমায়েকক নিজৰ ৰীতি-নীতি অনুসৰি বিদায় দিয়াৰ পাচতো কেমেৰাৰ সন্মুখত হুকহুকাই কান্দি উঠিল ভাগিন, ক’লে কোনোবাই যদি মোৰ মামাক জীয়াই তুলিব পাৰে তেওঁ যি বিচাৰে সামৰ্থ্য অনুসৰি তাকে দিবলৈ চেষ্টা কৰিব ৷ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰবাৰী আনন্দ নগৰত ১৩ ছেপ্টেম্বৰৰ সন্ধ্যা মনমোহন নমসুদ্ৰ নামৰ এজন ব্যক্তিৰ সাপে খোঁটাৰ ফলত মৃত্যু হয় ৷ অকাল মৃত্যু ভাগি পৰিছে সমগ্ৰ পৰিয়াল ৷ পূৰ্ব পুৰুষৰ ৰীতি অনুসৰি পৰিয়ালৰ লোকে মৃতদেহ উটুৱাই দিলে চিমেন নৈত ৷

দৰাচলতে ১৩ ছেপ্টেম্বৰৰ সন্ধিয়া চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰবাৰী আনন্দ নগৰ নিবাসী মনমোহন নমসুদ্ৰক নিজা ঘৰতে কাম কৰি থকা অৱস্থাত এডাল বিষাক্ত সাপে দংশন কৰে ৷ প্ৰথমাৱস্থাত তেওঁ কাকো এই সন্দৰ্ভত একোকে জনোৱা নাছিল ৷ পিচত ওচৰ-চুবুৰীয়াই গম পাই তেওঁক ততাতৈয়াকৈ বেজৰ ওচৰলৈ জৰোৱাবলৈ লৈ যায় ৷ বেজৰ ওচৰলৈ গৈ মানসিক শান্তি নোপোৱাত তেওঁলোকে মানুহজনক ওচৰৰে চিকিৎসালয়লৈ লৈ যায় ৷ কিন্তু স্থানীয় চিকিৎসকে ব্যক্তিগৰাকীক ডিব্ৰুগড়লৈ নিয়াৰ পৰামৰ্শ দিয়ে ৷ কিন্তু 6 বজাতেই সাপে খোঁটা মানুহজনক ডিব্ৰুগড়লৈ লৈ যাওঁতেই নিশা 11 বাজি যায় ৷ তাত চিকিৎসকে মৃত বুলি ঘোষণা কৰে তেওঁক ৷ ইতিমধ্যে কেইবাজনো বেজ বিভিন্ন ঠাইৰ পৰা তেওঁক জাৰিবলৈ আহে বুলি স্থানীয় লোকে জানিবলৈ দিছে ৷ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই আজিৰ যুগত ইমান উন্নতি কৰাৰ পিচতো অসমত এতিয়াও বেজ-বেজালিত বিশ্বাস কৰা মানুহ আছে ভাবিলেই আচৰিত লাগে ৷

সৰ্প দংশনৰ সময়ত কি কি কৰা উচিত তাকে লৈ সজাগতা সৃষ্টি কৰি থকাৰ মাজতো এই লোকসকলক এনে ধৰণৰ সজাগতাই কিয় স্পৰ্শ কৰিব পৰা নাই সেই কথা কিন্তু ভাবিবলগীয়া ৷ যি সময়ত বিজ্ঞানৰ উত্তৰণৰ যুগত চন্দ্ৰলৈ মানুহ পঠোৱাৰ চিন্তা চৰ্চা কৰি থকা হৈছে, তেনে সময়তে এনে ধৰণৰ একাংশ মানুহৰ মাজত বৰ্তি থকা এই ধৰণৰ ঘোৰ অন্ধ বিশ্বাস নিশ্চয়কৈ সমাজখনৰ বাবে গ্ৰহণযোগ্য নহয় ৷ অৱশেষত পৰিয়ালৰ লোকে কলৰ ভূৰ বনাই খাদ্য সামগ্ৰীৰ সৈতে তেওঁৰ মৃতদেহ চিমেন নৈত উটুৱাই দিছে ৷ মৃতদেহৰ লগত এখন বগা কাগজত লোকজনৰ নাম ঠিকনাৰ ফলক এখন গাঁঠি দিয়া হৈছে ৷ জানিব পৰা মতে এইয়া তেওঁলোকৰ পূৰ্ব পুৰুষৰ নিয়ম ৷ সাপে খোঁটা ব্যক্তিক তেওঁলোকৰ নিয়ম মতে জ্বলোৱা নহয় ৷ ছমাহ নতুবা ছদিনৰ খাদ্য সামগ্ৰী যোগান দি লগত এটা ডাকোৱাল কুকুৰাৰ সৈতে সাপে খোঁটা মৃতদেহ নৈত উটুৱাই দিয়াতো তেওঁলোকৰ প্ৰচলিত নিয়ম ৷

লগতে পঢ়ক : Road construction at Jonai:জোনাইত এটা জৰাজীৰ্ণ তথা ব্যস্ত পথৰ নিৰ্মাণত ব্যৱহৃত সামগ্ৰী চুৰি হোৱাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.