ETV Bharat / state

মোডীৰ সভাৰ এদিন পূৰ্বে ধেমাজিত লুৰিণৰ ৰণশিঙা

author img

By

Published : Feb 21, 2021, 10:16 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমনৰ প্ৰাকক্ষণত দেওবাৰে ধেমাজিৰ তেলিজান পথাৰত অসম জাতীয় পৰিষদৰ উদ্যোগত অনুষ্ঠিত হয় এখন বিশাল গণ সমাবেশ ৷ এই উপলক্ষে ধেমাজিৰ মৰিধলৰ পৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক গায়ন-বায়নে শোভাযাত্ৰা কৰি আদৰি আনে সমাবেশস্থলীলৈ ৷

lurinjyoti gogoi at dhemaji
মোডীৰ সভাৰ এদিন পূৰ্বে ধেমাজিত লুৰিণৰ ৰণশিঙা

ধেমাজি, 21 ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমনৰ প্ৰাকক্ষণত দেওবাৰে ধেমাজিৰ তেলিজান পথাৰত অসম জাতীয় পৰিষদৰ উদ্যোগত অনুষ্ঠিত হয় এখন বিশাল গণ সমাবেশ ৷ এই উপলক্ষে ধেমাজিৰ মৰিধলৰ পৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক গায়ন-বায়নে শোভাযাত্ৰা কৰি আদৰি আনে সমাবেশস্থলীলৈ ৷

সমাবেশত ধেমাজিৰ শতাধিক লোকে অংশগ্ৰহণ কৰে ৷ সমাবেশত লুৰিণজ্যোতি গগৈৰ লগতে জাতীয় পৰিষদৰ উপ-সভাপতি হৰেন চুতীয়া, সম্পাদক চিত্তৰঞ্জন বসুমতাৰী আদিয়ে অংশগ্ৰহণ কৰে ৷ সভাস্থলীত সাংবাদিকক সম্বোধন কৰি লুৰিণজ্যোতি গগৈয়ে কয়, প্ৰলোভনৰ ৰাজনীতি কৰা চৰকাৰখনৰ কাৰ্যকাল এইবাৰ শেষ হ'ব ৷ বিজেপি আৰু কংগ্ৰেছক উৎখাত কৰি এইবাৰ ধেমাজিবাসীয়ে অঞ্চলিকতাবাদী ধ্বৰ্জা উৰুৱাব বুলি মন্তব্য প্ৰকাশ কৰে লুৰিণজ্যোতি গগৈয়ে ৷

আনহাতে, ধেমাজি জিলাত বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভা অনুষ্ঠিত কৰি ধেমাজিবাসীক অপমান কৰিছে বুলি মত প্ৰকাশ কৰে লুৰিণে ৷ ভাড়াতীয়া মানুহেৰে এই সভা অনুষ্ঠিত কৰিছে বিজেপিয়ে ৷ লুৰিণজ্যোতি গগৈয়ে সাংবাদিকৰ আগত কয় ৷

লগতে পঢ়ক: বোকাখাত সমষ্টিত বিজেপি-অগপৰ বৃহৎ প্ৰত্যাহ্বান হ'ব জিতেন গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.