ETV Bharat / state

শেষ ক’ত অসম অৰুণাচল সীমা সমস্যাৰ ? - Assam Arunachal border

পুনৰ ধেমাজিৰ অসম অৰুণাচল সীমান্তত পোহৰলৈ আহিছে অৰুণাচলীৰ আগ্ৰাসনৰ ঘটনা ৷ অসম চৰকাৰ তথা ধেমাজি প্ৰশাসনৰ বিৰুদ্ধে নিৰ্লিপ্ত ভূমিকা পালনৰ অভিযোগ সীমান্তবাসী অসমীয়াৰ ৷

latest update on Assam Arunachal border conflict
শেষ ক’ত অসম অৰুণাচল সীমা সমস্যাৰ ?
author img

By

Published : Aug 7, 2021, 10:21 PM IST

ধেমাজি, 7 আগষ্ট : তুংগত আছে চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে অসমৰ সীমা সমস্যা (border conflict Assam with neighbouring states) ৷ ইয়াকে লৈ বাদ-বিবাদ অব্যাহত থকাৰ সময়তে, পুনৰবাৰ চুবুৰীয়া অৰুণাচলে ব্যাপকভাৱে আগ্ৰাসন চলাইছে অসমৰ ভূমিত ৷ অসম-অৰুণাচল সীমান্ত(Assam Arunachal border)ৰ ধেমাজি জিলাৰ বিভিন্ন অঞ্চলত অভিসন্ধিৰে অবাধ বেদখলৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে চুবুৰীয়া অৰুণাচলৰ ৷

শেষ ক’ত অসম অৰুণাচল সীমা সমস্যাৰ ?

ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তত ধেমাজি আৰু চিচিবৰ গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বেছামৰা, ৰাইটিং, লাইপুলীয়া, বৰজান অঞ্চলত চুবুৰীয়া ৰাজ্য অৰুণাচলে কাঁটা তাঁৰ মাৰি মাটি দখলৰ চেষ্টা চলাইছে ৷ এই অঞ্চলসমূহত চুবুৰীয়া ৰাজ্যখনে বিদ্যুতৰ খুঁটা স্থাপন কৰিছে ৷ কেৱল সেয়াই নহয় অসমৰ বিঘাই বিঘাই মাটিত শালি ধানৰ খেতি কৰিছে অৰুণাচলীয়ে ৷

লগতে পঢ়ক: এইবাৰ অৰুণাচলীৰ আগ্ৰাসনৰ কৱলত চৰাইপুং

উদ্বেগজনকভাৱে ধেমাজিৰ সীমান্তৱৰ্তী অঞ্চলৰ মাটিত অৰুণাচলীয়ে গীৰ্জাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানো স্থাপন কৰিছে ৷ আগ্ৰাসী ৰূপত অসমৰ মাটি বেদখল(illegal aquisition of land) কৰি অৰুণাচলীয়ে গঢ় দিছে কেইবাখনো গাঁও ৷

ধেমাজিৰ সীমান্তৱৰ্তী অঞ্চলৰ লোক সকলৰ অভিযোগ মতে, অৰুণাচলীয়ে তেতিয়াৰ সীমা হিচাপে চিহ্নিত NEFA ৰ পকী খুঁটাৰ পৰা অসমৰ ভিতৰলৈ ৩-৪ কিলোমিটাৰ সোমাই আহি অসমৰ মাটি বেদখল কৰি অসমীয়াক তীব্ৰ প্ৰত্যাহ্বান জনাইছে ৷

ইপিনে, অৰুণাচলে ধেমাজি জিলাৰ সীমান্তৱৰ্তী বহু ঠাই অবৈধভাৱে বেদখল কৰাৰ পিছত সীমান্তৱৰ্তী ৰাইজে অসম চৰকাৰৰ লগতে ধেমাজি জিলা প্ৰশাসনক অৱগত কৰোৱাৰ পিছতো চৰকাৰ তথা প্ৰশাসনে আজিলৈকে তিলমাত্ৰও গুৰুত্ব দিয়া নাই বুলি অভিযোগ তুলিছে সীমান্তবাসী অসমীয়াই ৷ সেয়ে এইক্ষেত্ৰত ৰহস্যজনক মৌনতা অৱলম্বন কৰা অসম চৰকাৰ তথা ধেমাজি প্ৰশাসনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাইজ ৷

লগতে পঢ়ক : মিজোৰাম অভিমুখী বাহনত আক্ৰমণ জনতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.