ETV Bharat / state

Land Dispute: জোনাইৰ মুনমুনি মাজিআলিত ৰাজহ গাঁৱৰ ভূমি দখলৰ চেষ্টা গো-পালকৰ, ৰাইজৰ প্ৰতিবাদ - Land Dispute at Jonai in Dhemaji

জোনাইৰ মুনমুনি মাজিআলি চাপৰিত গো-পালক আৰু খেতিয়কৰ মাজত ভূমি কেন্দ্ৰীক সংঘাত ৷ গৰু, ম'হ এৰি গো-পালকে পথাৰৰ ধান খোৱাই তহিলং কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ (Public Protest at Jonai) ৷

Land Dispute at Jonai
জোনাইৰ মুনমুনি মাজিআলি চাপৰিত ভূমি বিবাদ
author img

By

Published : Jun 2, 2023, 3:56 PM IST

ৰাইজৰ প্ৰতিবাদ

জোনাই, 2 জুন: জোনাইৰ মুনমুনি মাজিআলি চাপৰিত গো-পালক আৰু খেতিয়কৰ মাজত ভূমি বিবাদক লৈ সংঘাত সৃষ্টি হৈ থকাৰ মাজতে এই সংঘাতে লৈছে নতুন মূৰ ৷ গৰু, ম'হ এৰি গো-পালকে পথাৰৰ ধান খোৱাই তহিলং কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ শীঘ্ৰেই এই সন্দৰ্ভত অসম চৰকাৰৰ লগতে স্থানীয় প্ৰসাশনক ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ (Land Dispute at Jonai in Dhemaji) ৷

এইবাৰ গো-পালকসকলে সংঘাতৰ সৃষ্টি কৰা বুলি অভিযোগ কৰিছে মুনমুনি মাজিআলত থকা মিলন নগৰ আৰু চিত্ৰ নগৰ দুখন ৰাজহ গাঁৱৰ ৰাইজে ৷ জানিব পৰামতে বৰং অঞ্চলৰ দুখনকৈ ৰাজহ গাঁৱৰ ভূমি মুনমুনি মাজিআলি চাপৰিৰ গো-পালক সকলে চৰনীয়া পথাৰ বুলি বলপূৰ্বক ভাৱে দখলৰ অপচেষ্টা চলোৱাৰ লগতে চাপৰিৰ খুটিত থকা ম'হ‌বোৰ ৰাজহ গাঁও দুখনৰ ৰাইজৰ ধাননি পথাৰত এৰি দি ধান খোৱাই তহিলং কৰাৰ অভিযোগ তুলিছে ৰাইজে (Land Dispute at Jonai) ৷

ইমানতে ক্ষান্ত নাথাকি গো-পালকসকলে ৰাতি ৰাতি ম'হবোৰ মেলি দি পথাৰৰ ধান খোৱাই অহাৰো অভিযোগ ৰাইজৰ ৷ উল্লেখযোগ্য যে, প্ৰায় স্বাধীনোত্তৰ কালতে প্ৰতিষ্ঠা হোৱা গাঁও আৰু চৰকাৰীভাৱে জৰীপ কৰি ৰাজহ গাঁও হিচাপে ঘোষণা কৰা গাঁও দুখনত বসবাস কৰি আছে প্ৰায় 200 টা পৰিয়ালে ৷ বছৰ বছৰ ধৰি গাঁও দুখনত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি, বিদ্যালয়, জলজীৱন মিছন আদি আঁচনি লাভ কৰি অহা গাঁও দুখনৰ ভূমি কেনেকৈ চৰনীয়া পথাৰ হ'ল বুলি প্ৰশ্ন উত্থাপন কৰিছে ৰাজহ গাঁও দুখনৰ ৰাইজে (Land Dispute) ৷

গতিকে এনে দুষ্কাৰ্য্যমূলক কাৰ্যৰ পৰা গো-পালক সকলক বিৰত থাকিবলৈ শুকুৰবাৰে দুখন গাঁৱৰ শ শ পুৰুষ মহিলাই পথলৈ ওলাই আহি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইফালে এনে দুষ্কাৰ্য্যৰ লগত জড়িত গো-পালক সকলৰ বিৰুদ্ধে উচিত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই অসম চৰকাৰৰ লগতে স্থানীয় প্ৰসাশনক (Conflict over land at Jonai) ৷

লগতে পঢ়ক: Pradhan Mantri Krishi Sinchai Yojana : অসমত আধৰুৱা হৈ ৰৈছে প্ৰধানমন্ত্রী কৃষি সিঁচাই যোজনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.