ETV Bharat / state

বানে ধোৱা পথাৰত নজ্বলে কাতিৰ বন্তি - ৰূপহীমুখ

আজি ৰাজ্যজুৰি হেঁপাহৰ কাতি বিহু পালন কৰা হ’ব যদিও বানাক্ৰান্ত জিলাসমূহত নজ্বলে কঙালীৰ বন্তি ৷ শিৱসাগৰৰ ৰূপহীমুখ আৰু ধেমাজিৰ বহু অঞ্চলৰ পথাৰ এতিয়াও বানৰ কৱলত হোৱা হেতুকে খেতিপথাৰসমূহত নজ্বলে কাতি বিহুৰ চাকি ৷

Kati Bihu will not celebrate in Flood affected areas
বানে ধোৱা পথাৰত নজ্বলে কাতিৰ বন্তি
author img

By

Published : Oct 17, 2020, 11:40 AM IST

নিউজ ডেস্ক,17 অক্টোবৰ : আজি অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ কাতি অৰ্থাৎ কঙালী বিহু ৷ অৱশ্যে বান বিভীষিকাই তচ-নচ কৰা ৰাজ্যৰ বহু কৃষিভূমিত নজ্বলে কঙালীৰ বন্তিগছি ৷ কাতি বিহুৰ এই পৰম্পৰা ৰক্ষা কৰাৰ পৰা আঁতৰি থাকিব লাগিব শিৱসাগৰৰ ৰূপহীমুখৰ ৰাইজ । বান আৰু গৰাখহনীয়াৰ ফলত বিঘাই বিঘাই কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে ।

যি দুই-এডৰা কৃষিভূমি আছিল সেইখিনিও ব্ৰহ্মপুত্ৰৰ বালিয়ে পুতি মৰুভূমি সদৃশ কৰি পেলাইছে । ৰূপহীমুখ গাঁৱৰ মাজেৰেও নকৈ এটি ব্ৰহ্মপুত্ৰৰ সুঁতি বৈ গৈ বহু কৃষিভূমি নৈলৈ ৰূপান্তৰিত কৰে । হেঁপাহেৰে কৰা খেতিপথাৰ কেইডৰা এনেদৰে নদীৰ বুকুত জাহ যোৱাত কান্দোনত ভাগি পৰিছে ৰূপহীমুখবাসী । যেন কঙাল হৈ ৰ’ব এইসকল চহা খেতিয়ক ।

বানে ধোৱা পথাৰত নজ্বলে কাতিৰ বন্তি

আনহাতে বানে ধোৱা ধেমাজিৰ বিভিন্ন পথাৰতো এইবাৰ নজ্বলে কাতি বিহুৰ চাকিগচি । পথাৰলৈ চাই হুমুনিয়াহ কাঢ়িছে কৃষকে । বাৰিষাৰ সময়ত প্ৰতিজন কৃষকে মূৰৰ ঘাম মাটিত পেলাই হাড়ভঙা পৰিশ্ৰম কৰাৰ অন্তত পথাৰ আৰু ভঁৰাল সোণগুটিৰে উপচি পৰা প্ৰাপ্তিৰ সপোন দেখে । কিন্তু ধেমাজিৰ বান বিধ্বস্ত অঞ্চলৰ চহা কৃষকৰ সপোন নিঃশেষ কৰিলে বানে । পথাৰ ঘৰ-বাৰী সকলো সংহাৰী বানৰ কৱলত ।

বিশেষকৈ চলিত বৰ্ষত অতি বেয়াকৈ জীয়াঢলৰ বানত ক্ষতিগ্ৰস্ত হোৱা আমূলগুৰি,চেচা,বাটঘৰীয়া,ভজুগাঁও,শলমাৰী,পাভমাৰী,হেচুলি,বৰমথাউৰি,দুলুংকান,শালমাৰী আদি গাঁৱৰ বৃহত্তৰ পথাৰ এতিয়া কেৱল বোকা,বালি আৰু পানীৰে উপচি পৰা পৰিলক্ষিত হৈছে ।

বানে ধোৱা পথাৰত নজ্বলে কাতিৰ বন্তি

ঠিক সেইদৰে,ৰাই নদীৰ বানৰ কৱলত পৰা লক্ষীপথাৰ পঞ্চায়তৰ বৃহত্তৰ বৰুৱা গাঁৱৰ কৃষকসকলৰ সপোনো বানে ধূলিসাৎ কৰিলে ।

লগতে পঢ়ক : গোৱালপাৰাত নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.