ETV Bharat / state

Kangkin Kebang 2022: জোনাইত কাংকিন কেবাঙত উজ্বলিল জনগোষ্ঠীয় সংস্কৃতি

author img

By

Published : Oct 27, 2022, 9:00 PM IST

ধেমাজি জিলাৰ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ কাংকিন কেবাং (Kangkin Kebang in Jonai)। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিনাকী আৰু ভাতৃত্ববোধ গঢ় দিয়াৰ উদ্দেশ্যে প্ৰতি বছৰে টাকাম মিচিং পৰিণ কেবাং টি এম পি কেই কাংকিন কেবাঙৰ আয়োজন কৰে ।

Kangkin Kebang 2022
জোনাইত কাংকিন কেবাঙত উজ্বলিল জনগোষ্ঠীয় সংস্কৃতি

জোনাই, ২৭ অক্টোবৰ: জোনাইত শিক্ষাৰ সজাগতা আৰু ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ মাজত মিলনৰ উদ্দেশ্যে অনুষ্ঠিত হৈছে কাংকিন কেবাং (Kangkin Kebang in Jonai) । জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জোনাই জিলা টি এম পি কেৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে এই কাংকিন কেবাং (Jonai TMPK organized Kangkin Kebang)৷

ধেমাজি জিলাৰ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (Jonai Higher Secondary School) খেলপথাৰত টি এম পি কেৰ জোনাই জিলা সমিতিৰ উদ্যোগত তথা কেইবাখনো মহাবিদ্যালয়ৰ গোটৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে কাংকিন কেবাং অৰ্থাৎ চিনাকি সভা । আজিৰ কাৰ্যসূচী অনুসৰি পুৱা জোনাই মহকুমাৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ উপস্থিতিত জোনাই জিলা টি এম পিকেৰ সম্পাদক মিগম দলেৰ সঞ্চালনাত পাতাকা উত্তোলন কৰে জোনাই জিলা টি এম পি কেৰ সভাপতি সঞ্জয় কুম্বাঙে ৷

ইপিনে,শ্বহীদ তৰ্পন কৰে টি এম পি কেৰ প্ৰচাৰ সম্পাদক তুষাৰ ঙাতেয়ে ৷ ইয়াৰ পিছতেই দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হয় কাংকিন কেবাং । উল্লেখ্য় যে জোনাই মহকুমাৰ বিভিন্ন অঞ্চল তথা অসমৰ আন আন জিলাৰ পৰা জোনাইৰ মহাবিদ্যালয় সমূহত শিক্ষা গ্ৰহণৰ বাবে অহা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিনাকী আৰু ভাতৃত্ববোধ গঢ় দিয়াৰ উদ্দেশ্যে প্ৰতি বছৰে টাকাম মিচিং পৰিণ কেবাং (টি এম পি কে)ই কাংকিন কেবাঙৰ আয়োজন কৰি আহিছে ।

Lakhipur College students union election : লক্ষীপুৰ মহাবিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক উত্তেজনা, আৰক্ষীৰ প্ৰহাৰত আহত ছাত্ৰলগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.