ETV Bharat / state

জোনাইত সদৌ অসম কবি সন্মিলনৰ কবিতাৰ দিন কাব্যানুষ্ঠান

জোনাইত সদৌ অসম কবি সন্মিলনৰ 'কবিতাৰ দিন' শীৰ্ষক কাব্যানুষ্ঠান সম্পন্ন (Kabitar din observed in Jonai) । জোনাই শাখা কবি সন্মিলন গঠন ।

Jonai
Jonai
author img

By

Published : Aug 30, 2022, 4:58 PM IST

Updated : Aug 30, 2022, 6:49 PM IST

জোনাই, ৩০ আগষ্ট : জোনাই মহকুমাৰ মুৰ্কংচেলেক মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিৰূপক কোষৰ সৌজন্যত আৰু জোনাই প্ৰেছ ক্লাবৰ সহযোগত মঙলবাৰে সদৌ অসম কবি সন্মিলনৰ 'কবিতাৰ দিন' শীৰ্ষক এক কাব্যানুষ্ঠান অনুষ্ঠিত হয় (Kabitar din observed in Jonai) । মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কাব্যানুষ্ঠান মহাবিদ্যালয়খনৰ ছাত্ৰীসকলৰ এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয় (Kabitar din at Murkongselek College) ।

জোনাইত সদৌ অসম কবি সন্মিলনৰ কবিতাৰ দিন কাব্যানুষ্ঠান

কাব্যানুষ্ঠানত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক, বিশিষ্ট লেখক ড৹ মাণিক শইকীয়াই অতিথি হিচাপে অংশগ্ৰহণ কৰি জ্যেষ্ঠসকলৰ পৰা নতুন প্ৰজন্মলৈ জ্ঞান চিৰ প্ৰবাহিত হৈ আছে বুলি উল্লেখ কৰি অসমীয়া কবিতাক বিশ্বমুখী কৰি তোলাৰ আহ্বান জনায় । সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামে (poet Ujjwal Paogam) কবিতাক অধিক জনপ্ৰিয় আৰু জীৱনমুখী কৰিবলৈ অসমৰ চাৰিওকোণে 'কবিতাৰ দিন' পালন কৰি অহা বুলি মন্তব্য কৰে (Sadou Asom Kabi Sanmilan) ।

ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা 'চহা জীৱনৰ কবি' হিচাপে পৰিচিত কবি উৎপল দলেয়ে কবিসকল সূক্ষ্ম অনুভূতিপ্ৰৱণ বুলি উল্লেখ কৰি কবিতাই জীৱনক উপলব্ধি কৰিবলৈ শিকায় আৰু জ্ঞানে মানুহক প্ৰকৃত বাট দেখুৱায় বুলি মন্তব্য কৰে । জোনাই প্ৰেছ ক্লাবৰ (Jonai Press Club) সভাপতি ৰয়েল পেগুৱে উদেশ্য ব্যাখ্যা কৰি কবিতা সমাজ ৰূপান্তৰৰ এক শক্তিশালী মাধ্যম বুলি উল্লেখ কৰি কয়- কবিসকলে উৎকৃষ্ট কাব্য সৃষ্টিৰে এখন সুস্থ প্ৰগতিশীল সমাজ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

লগতে পেগুৱে কয়- কবিসকল গভীৰ জীৱনবোধ সম্পন্ন । কবিয়ে জীৱনৰ গভীৰ উপলব্ধি, নিৰীক্ষণ, পৰ্যবেক্ষণ আৰু সাধনাৰে বহু মৌলিক তথা উৎকৃষ্ট কবিতা সৃষ্টিৰে মানৱতাৰ জয়গান গাই আহিছে । সীমান্তৱৰ্তী জোনাইতো কাব্য চৰ্চাৰ উৰ্বৰা পথাৰ আছে বুলি উল্লেখ কৰি সদৌ অসম কবি সন্মিলনৰ 'কবিতাৰ দিন' শীৰ্ষক কাব্যানুষ্ঠানে কবিতাক অধিক জনপ্ৰিয় কৰিব বুলি মন্তব্য কৰে ।

মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক কুমাৰ দলেয়ে আঁতধৰা অনুষ্ঠানত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, কবি জয়কুমাৰ দলে, বিশিষ্ট কবি তোষেশ্বৰ আগৰৱালা, সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি ৰাজুমণি বেজবৰুৱা, উৎপল দলে, অচ্যুত বৰা, উজ্জ্বল পাওগাম, ড৹ প্ৰান্তিক শৰ্মা, পল্লৱী হাজৰিকা দলে, ব্লেচী কাশ্যপ, বিজয় বৰি, ৰিংকুমণি বৰশইকীয়া, ৰয়েল পেগু, উজ্জ্বল লাগাছু, পবিৰ্কা শৰ্মা, মলয়া কুটুম, ড৹ দীপক কুমাৰ দলে আদিয়ে কবিতা পাঠ কৰে ।

তদুপৰি, অনুষ্ঠানত বহু কাব্যপ্ৰেমী উপস্থিত থাকে । আনহাতে, সভাত তোষেশ্বৰ আগৰৱালাক সভাপতি, ৰয়েল পেগু, পল্লৱী হাজৰিকা দলেক উপ-সভাপতি, ড৹ প্ৰান্তিক শৰ্মাক সাধাৰণ সম্পাদক, বিজয় বৰি, প্ৰদীপ গগৈক সহকাৰী সম্পাদক, ৰিংকুমণি বৰশইকীয়া, গায়ত্ৰী দেৱীক সদস্য আৰু ড৹ দীপক কুমাৰ দলে, জয় কুমাৰ দলে, মাধৱ পাৱক উপদেষ্টা হিচাপে লৈ সদৌ অসম কবি সন্মিলনৰ জোনাই শাখা সমিতি গঠন কৰা হয় (Kabi Sanmilan Jonai Branch formed) ।

লগতে পঢ়ক :সদৌ অসম কবি সন্মিলনৰ জোনাই শাখা কবি সন্মিলন গঠন

Last Updated : Aug 30, 2022, 6:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.