জোনাই, ৩০ ডিচেম্বৰ : জোনাইত মূৰ্কংচেলেক ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু শাখা সংগঠন সমূহৰ সহযোগত লাইকা দধিয়াবাসীক পুনৰ সংস্থাপন, পেট্ৰল, ডিজেল, ৰন্ধন গেছ, খাদ্য সামগ্ৰী, বিদ্যুৎ মাচুল, কৰ-কাটল, অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি সকলো ক্ষেত্ৰতে হোৱা মূল্যবৃদ্ধিৰ হ্ৰাসৰ দাবীত এক প্ৰতিবাদা কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ কংগ্ৰেছ কৰ্মীসকলে হাতে হাতে প্লেকার্ড লৈ ৰাংকপ তিনিআলিৰ কংগ্ৰেছ ভৱন প্ৰাংগণৰ পৰা জোনাই গান্ধীৰোধ হৈ জোনাই মহকুমাধিপতি কাৰ্যালয়লৈ কংগ্ৰেছ কৰ্মীসকলে এক সমদল উলিয়াই ৷
প্ৰতিবাদী স্থলীৰ পৰাই অসম চৰকাৰলৈ জোনাই মহকুমাধিপতিৰ যোগেদি এখন মূল্যবৃদ্ধিৰ হ্ৰাসৰ দাবীত স্মাৰক-পত্ৰ প্ৰেৰণ কৰে কংগ্ৰেছ কৰ্মীসকলে । এই প্ৰতিবাদী কাৰ্যসূচীত মূৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি সঞ্জয় পেগু, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক সুশীল পেগু, উপ সভাপতি বিজয় পেগু, ব্লক মহিলা কংগ্ৰেছৰ সভাপতি অনু দলে, ব্লক যুৱ কংগ্ৰেছৰ সভাপতি শিতেশ পেগু, সাধাৰণ সম্পাদক মহাবীৰ পায়েং, ৰুদ্ৰ দৈমাৰী উপ সভাপতি মূর্কং চেলেক ব্লক কংগ্ৰেছ কমিটি, মহাবীৰ পায়েং, অনুজ দলে, ৰোচতম পেগু, বিভূচন পেগু, চাপ্লাই পেগুৰ আদিয়ে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক : বুধবাৰৰ পৰা আৰম্ভ 33তম গুৱাহাটী গ্ৰন্থমেলা