ETV Bharat / state

জোনাইত সোণালী জয়ন্তী বৰ্ষ উৎযাপনৰ টি এম পি কেৰ শৈক্ষিক অভিৱৰ্তন

author img

By

Published : Dec 27, 2020, 10:17 PM IST

মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠন, টাকাম মিচিং প:ৰিণ কৌবাং চমুকৈ টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষ উৎযাপনৰ লগত সংগতি ৰাখি জোনাই মহকুমাৰ গুণগত শিক্ষাৰ মাণদণ্ড অধিক উন্নত আৰু গতিশীল শৈক্ষিক পৰিবেশ গঢ় দিয়াৰ লগতে শিক্ষাৰ দিশত জোনাই অঞ্চলৰ বাবে মহকুমা ভিত্তিত এখনি "শৈক্ষিক অভিৰ্ৱন" জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰে ৷

জোনাইত সোণালী জয়ন্তী বৰ্ষ উৎযাপনৰ টি এম পি কেৰ শৈক্ষিক অভিৱৰ্তন
জোনাইত সোণালী জয়ন্তী বৰ্ষ উৎযাপনৰ টি এম পি কেৰ শৈক্ষিক অভিৱৰ্তন

জোনাই ২৭, ডিচেম্বৰঃ মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠন, টাকাম মিচিং প:ৰিণ কৌবাং চমুকৈ টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষ উৎযাপনৰ লগত সংগতি ৰাখি জোনাই মহকুমাৰ গুণগত শিক্ষাৰ মাণদণ্ড অধিক উন্নত আৰু গতিশীল শৈক্ষিক পৰিবেশ গঢ় দিয়াৰ লগতে শিক্ষাৰ দিশত জোনাই অঞ্চলৰ বাবে মহকুমা ভিত্তিত এখনি "শৈক্ষিক অভিৰ্ৱন" জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰে ৷

টি এম পি কে সোনালী জয়ন্তীৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক নৰেশ কুম্বাঙে আঁত ধৰা অনুষ্ঠানটিৰ সভাপতিত্ব কৰে টি এমপিকে অভ্যৰ্থনা সমিতিৰ সভাপতি ৰাজু মেদকে ৷ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰতাপ চন্দ্ৰ পাৱই শৈক্ষিক অভিৱৰ্তনৰ শুভাৰম্ভ কৰি কয় যে, আমাৰ বৰ্তমান বিভিন্ন প্ৰান্তত কৰ্মৰত শিক্ষক সকলে ভালকৈ জানে যে, ২০২০ চনৰ নতুন শিক্ষা নীতিৰ সম্পৰ্কে যিহেতু ২০২১ ৰ পৰা কাৰ্যকৰী হ’ব ৷ লগতে তেঁও কয় যে, নতুন শিক্ষা নীতিয়ে নিজৰ মতৃভাষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব ৷

তাৰ সমান্তৰলভাবে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰতাপ চন্দ্ৰ পাৱই সদৰি কৰে যে, নতুন শিক্ষা নীতি অনুসৰি পঞ্চম শ্ৰেণীলৈকে মাতৃ ভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ বাধ্যতামূলক কৰাটো ইতিবাচক দিশ ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত পঞ্চমলৈকে মাতৃ ভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ বাধ্যতামূলক কৰাটোৱেই আঞ্চলিক ভাষাৰ বিকাশ আৰু প্ৰসাৰৰ দিশতো অভূতপূৰ্ব অৰিহণা যোগাব ৷

লগতে তেওঁ কয় আমাৰ গাঁৱৰ সমাজত পৰিবেশ যদি ভাল নহয় তেন্তে অকল আমাৰ ছাত্ৰ ছত্ৰীৰে নহয় সমাজৰো খনৰো বিনষ্ট হয় ৷ সেয়েহে আমি প্ৰথমে পৰিবেশটো পৰিস্কাৰ আৰু সলনি কৰিব লাগিব ৷ এটা সময়ত চাকিৰ পোহৰত পঢ়িব লগা হৈছিল; আজি সেই পৰিবেশ নাই ৷ ঘৰে ঘৰে বিজুলী আহিল কিন্তু আজিও আমাৰ গাঁৱৰ সমাজত পঢ়াৰ পৰিবেশ উন্নত হোৱা নায় ৷ সেইয়ে আজিৰ প্ৰতিযোগিতাৰ যোগত আমাৰ সমাজখনে পৰিবেশবোৰ সলনি কৰিবৰ হ’ল ৷

লগতে পঢ়কঃ নাট্যকর্মী পবিত্ৰ ৰাভালৈ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.