জোনাই, ৫ অক্টোবৰ: জোনাই বেৰাচাপৰি বগীনদীত যোৱা বৃহস্পতিবাৰে জোনাই নদীত মাছ মাৰিবলৈ গৈ নিখোজ হৈ থকা যুৱক জনৰ মৃতদেহ চাৰি দিনৰ অন্তত দেওবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । বেৰাচাপৰিৰ বগীনদীৰ বীৰেন দাস নামৰ যুৱকজনে বৃহস্পতিবাৰে পুৱাই জোনাই নদীত মাছ মাৰিবলৈ গৈ নিখোজ হোৱাৰ পিছদিনা লোহিজন দলঙৰ কাষত উদ্ধাৰ কৰা হৈছিল জালখন।
ইফালে পৰিয়াল, ৰাইজৰ লগতে এছডিআৰএফ বাহিনীয়ে নদীখত ৪ দিনে বীৰেন দাসৰ মৃতদেহ উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ সময়তে দেওবাৰে ঘটনাস্থলীৰ পৰা প্ৰায় দুই-আঢ়ৈ কিলোমিটাৰ নিলগৰ চিৰামপুৰীয়া নামে ঠাইত বীৰেন দাসৰ মৃতদেহটো উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। পৰৱৰ্তী সময়ত ৰাইজে পৰিয়াল তথা এছডিআৰএফ বাহিনীক খবৰ দিয়াত সেই ঠাইৰ পৰা বিৰেণ দাসৰ মৃতদেহটো উদ্ধাৰ কৰে এছ ডি আৰ এফ বাহিনীয়ে।
লগতে পঢ়ক: সুদীৰ্ঘ বছৰৰ অন্তত বাহন প্ৰৱেশ কৰা এটা এলেকা