18 আগষ্ট, জোনাই-কৰিমগঞ্জ: ক্ৰমাত যেন ড্ৰাগছ ব্যৱসায়ীৰ ভূ-স্বৰ্গত পৰিণত হৈছে অসম ৷ ড্ৰাগছৰ জৰিয়তে ৰাজ্যৰ যুৱ-সমাজক ধংসৰ পথলৈ ধাৱমান কৰিছে একাংশ সমাজ বিৰোধী লোকে ৷ বৰাক-ব্ৰক্ষ্মপুত্ৰ দুয়োটা উপত্যকাতে এতিয়া সমানে চৰিছে ড্ৰাগছ ব্যৱসায়ীৰ প্ৰকোপ ৷ সমান্তৰাল ভাৱে আৰক্ষীৰ অভিযানত জালত পৰিছে বহু ড্ৰাগছ ব্যৱসায়ীৰ লগতে এই মৰাত্মক বৰবিহৰ সেৱনকাৰী একাংশ ৷ ধেমাজি জিলাৰ জোনাইত আজি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বহু পৰিমানৰ ব্ৰাউন চুগাৰ, কানি জব্দ কৰাৰ লগতে আটক কৰে তিনিজন লোকক ৷ জোনাই আৰক্ষী আৰু কেমি গাঁৱৰ বিডিপি ৰ যুটিয়া অভিযানত কেমি গাঁৱত ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি আটক হয় নিতিশ পাতিৰ আৰু কুঙ পেগু নামৰ দুই যুৱক ৷ ইফালে গোপন সূত্ৰৰ পম খেদি জিলাখনৰ মুৰ্কংচেলেকৰ সঞ্জীৱ আগৰৱালাৰ ঘৰৰ পৰা ১৫ গ্ৰাম ব্ৰাউন চুগাৰ , ১৫ গ্ৰাম কানিৰ লগতে নগদ ৬৫ হাজাৰ টকা উদ্ধাৰ কৰে জোনাই আৰক্ষীয়ে ৷
ইফালে বৰাকতো চলিছে অবৈধ ড্ৰাগছৰ বিৰূদ্ধে অভিযান ৷ শনিবাৰে কৰিমগঞ্জৰ বাৰৈগৰামত নিচামুক্ত সংগ্ৰাম সমিতিৰ কর্মকর্তাসকলে অভিযান চলাই এজন ড্ৰাগছ বিক্ৰেতাৰ লগতে এজন সেৱনকাৰীক আটক কৰে । আৰক্ষীৰ ব্যৰ্থতাত বৰাকত এতিয়া সমাজৰ একাংশ সচেতন লোক হাতে কামে নামি পৰিছে অঞ্চলটোত বাঢ়ি অহা ড্ৰাগছ ব্যৱসায় উৎখাত কৰাত ৷