জোনাই, ২২ জুলাইঃ জোনাইত বিপদ সীমাৰ ওপৰেৰে বাগৰিছে চিয়াং নৈৰ পানী ৷ জোনাই প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি মঙ্গলবাৰে দিনটোত চিয়াং নদীৰ বানত বুৰ গৈ আছে জোনাইৰ লোহিজন,মাজগাঁও গোবিন্দপুৰ,বলাইপাম,ভলুকাগুৰিকে ধৰি প্ৰায় ২০৫ খন গাঁও । খাদ্য,বাসস্থানৰ লগতে পশুধনৰ বাবেও বানাক্ৰান্ত ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷ আনহাতে,বানে লুহিজন সংযোগী গৰকাপ্তানী পথটো ৰুক্মিণী হাইস্কুল সমীপত ছিঙি যোৱাৰ ফলত অঞ্চলটো সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷
উল্লেখ্য যে,বানপীড়িত অঞ্চলসমূহত বান সাহায্য তথা উদ্ধাৰ অভিযানৰ বাবে তৎপৰ হৈ পৰিছে জোনাই মহকুমা প্ৰশাসন । মঙলবাৰে জোনাই লোঁহিজন , মজগাঁও,গোবিন্দপুৰ,বলাইপাম,ভলুকাগুৰি আদিৰ প্ৰায় ১০ খনৰো অধিক গাঁৱত জোনাই ৰজহচক্ৰ বিষয়া সুনবৰ চুতীয়া,সহকাৰী ৰজহ চক্ৰ বিষয়া নেকিব আহমেদ বৰুৱা,লাট মণ্ডল চম্পাক গগৈ,ৰাজহ চক্রটোৰ বান সাহায্য বিতৰণৰ চোৱা চিতাৰ দায়িত্বত থকা মণ্ডল ৰাজেশ পেগুৱে বৰ্নাত্যৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ।
লগতে পঢ়কঃ ক'ৰণা নিয়ন্ত্ৰণৰ উদ্দেশ্যে নলবাৰী জিলা প্ৰশাসনৰ নতুন নিৰ্দেশাৱলী