জোনাই ,৯আগষ্টঃ ধেমাজি জিলা জোনাই মহকুমাত সংহাৰী বানত বহুতো লোকে হেৰুৱাইছে তেওঁলোকৰ মৰমৰ ঘৰখন,বানত সকলো হৈ পৰিছে সৰ্বহাৰা,বানত ঘৰ-বাৰী হেৰুৱাই সৰ্বস্ৱান্ত হৈ দিক-বিদিক হেৰুৱাইছে বানাক্ৰান্তই ৷ চিয়াং-লালী নদীৰ বানৰ কৱলত পৰা জোনাইৰ বেৰাচাপৰি অঞ্চলৰ বানাক্ৰান্ত পৰিয়ালসমূহে এমাহৰো অধিক দিন ধৰি জোনাই বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বান শিৱিৰত আশ্ৰয় লৈ আছে ।
![Jonai flood relife campe food distibutaion ajycp](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jonai-news-9aug_09082020155337_0908f_1596968617_39.jpg)
দেওবাৰে জোনাই বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বান শিৱিৰত থকা বানাক্ৰান্তসকলক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিয়ে এসাজ অন্নৰ যোগান ধৰে । বান শিৱিৰত আশ্ৰয় গ্ৰহণ কৰি থকা এশৰো অধিক বানাক্ৰান্ত লোকক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিয়ে মাছ,মাংসৰ সৈতে এসাজ আহাৰৰ যোগান ধৰে । ইপিনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা,উপসভাপতি নীল গগৈ,সাংগঠনিক সম্পাদক ধীৰাজ মিৰি,প্ৰচাৰ সম্পাদক জিতেন মিলি, জোনাই আঞ্চলিক সমিতিৰ সভাপতি খগেন ডেকা,উপ সভাপতি ৰত্নেশ্বৰ মিৰিৰ লগতে জোনাই আঞ্চলিকৰ সকলো বিষববীয়ৰ উপস্থিতিত বান শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্ত লোকক আহাৰ যোগান ধৰে ৷ শিৱিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্ত পৰিয়ালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এনে কাৰ্য্যক শলাগ লোৱা দেখা গৈছে ৷
লগতে পঢ়কঃ পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি পুনৰ নিৰ্মাণৰ ব্যৱস্থা মন্ত্ৰী ভৱেশ কলিতাৰ