ETV Bharat / state

চিয়াং নৈৰ ভয়ংকৰ খহনীয়া, জলসম্পদ বিভাগৰ চকু খোল খাব কেতিয়া ?

বানৰ পিছতে অব্যাহত থকা চিয়াং নৈৰ ভয়ংকৰ খহনীয়াই ধেমাজি জিলাৰ অন্তৰ্গত জোনাইৰ বেৰা চাপৰিত দ্বি খণ্ডিত কৰিলে মথাউৰি, জলসম্পদ বিভাগৰ বিৰুদ্ধে চৰম হেমাহিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

author img

By

Published : Aug 10, 2019, 3:13 PM IST

চিয়াং নৈৰ ভয়ংকৰ খহনীয়া, জলসম্পদ বিভাগৰ চকু মেল খাব কেতিয়া ?

জোনাই, 10 আগষ্টঃ বানৰ পিছতে অব্যাহত থকা চিয়াং নৈৰ ভয়ংকৰ খহনীয়াই ধেমাজি জিলাৰ অন্তৰ্গত জোনাইৰ বেৰা চাপৰিত দ্বি খণ্ডিত কৰিলে মথাউৰি যাৰ ফলত প্লাৱিত হৈছে কুৰিখনৰো অধিক গাঁৱৰ লগতে বৃহত্তৰ বেৰাচাপৰি অঞ্চলত থকা একমাত্ৰ শিক্ষানুষ্ঠান বেৰা মিলন হাইস্কুলখন | ইয়াৰোপৰি বিদ্যালয়খন কেইটামান দিনৰ পাছতে চিয়াং নৈৰ গৰাখহনীয়াত সম্পূৰ্ণৰূপে জাহ যোৱাৰ সম্ভাৱনাই দেখা দিয়াত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক তথা স্থানীয় ৰাইজ যথেষ্ট চিন্তিত হৈ পৰিছে ৷ উল্লেখ্য যে, জলসম্পদ বিভাগৰ চৰম হেমাহি আৰু অৱহেলাৰ বাবেই আজি পৰ্যন্ত বেৰাচাপৰিত চিয়াং নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নহ'ল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

Intro:Body:জলসম্পদ বিভাগৰ চৰম হেমাহিত /
জোনাইৰ বেৰাচাপৰিত চিয়াং নৈৰ ভয়াৱহ গৰাখহনীয়াই দ্বি-খণ্ডিত কৰিলে মথাউৰি / ছিঙা মথাউৰিৰে পানী বাগৰি কুৰিখনৰো অধিক গাঁৱত প্লাৱিত হাহাকাৰ শশ পৰিয়ালৰ মাজত

জোনাই ১০ আগষ্ট
বানৰ পিছতে অব্যাহত থকা চিয়াং নৈৰ ভয়ংকৰ খহনীয়াই বেৰা চাপৰিত দ্বি খণ্ডিত কৰিলে মথাউৰি | চিঙা মথাউৰিৰে হুৰহুৰকৈ পানী সোমাই এখন দুখনকৈ কেবাখনো গাঁৱৰ প্ৰবেশ কৰি প্লাৱিত কৰিছে কুৰিখনৰো অধিক গাঁও | ইফালে মথাউৰি ছিঙি বাগৰি অহা চিয়াং নৈৰ পানীয়ে জলমগ্ন কৰিছে বৃহত্তৰ বেৰাচাপৰি অঞ্চলত থকা একমাত্ৰ শিক্ষানুষ্ঠান বেৰা মিলন হাইস্কুলখন | অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠান বেৰা মিলন হাইস্কুলখন কেইটামান পিছত চিয়াং নৈৰ গৰাখহনীয়াত সম্পূৰ্ণৰূপে জাহ যোৱাৰ সম্ভাৱনাই দেখা দিয়াত চিন্তিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক তথা ৰাইজৰ মাজত | যোৱা কেইবাদিনো ধৰি বেৰাচাপৰিত চিয়াং নদীৰ খহনীয়াৰ কবলত পৰা মথাউৰিখন প্ৰতিৰোধৰ বাবে ৰাইজৰ সহযোগত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা বাঁহ পুতি বালিৰ বস্তাৰে প্ৰতিৰোধৰ চেষ্টা কৰিছিল যদিও শুকুৰবাৰ আবেলি মথাউৰিখন ছিগি দ্বিখণ্ডিত কৰি পেলোৱাত পুনৰ হাহাকাৰ সৃষ্টি হৈছে পোন্ধৰ বিশখনৰো অধিক গাঁৱৰ ৰাইজৰ মাজত | বিশেষকৈ মথাউৰি ছিঙি বাগৰি চিয়াং নৈৰ পানীয়ে তাৰি মাজগাঁও, তাৰি কছাৰী, তাৰি বস্তি, মাছোৱা কেম্প, লুহিজান. চিৰামপুৰীয়া, আদি কৰি কুৰিৰো অধিক গাঁৱৰ শ শ পৰিয়ালৰ মাজত পুনৰ নমাই আনিছে আতংক|ৰ| কাৰণ বৰষুণৰ ফলত চিয়াং নৈ পানী বাঢ়িলে মথাউৰিৰে বগৰি অহা পানীয়ে ২০ - ২৫ খন গাঁৱৰ মানুহৰ ঘৰ ভেটি, কৃষি ভূমি পুনৰ বুৰাই পেলোৱা সম্ভাৱনা দেখা দিছে | উল্লেখ্য যে জলসম্পদৰ চৰম হেমাহি অৱহেলাত আজি পৰ্যন্ত বেৰাচাপৰিত চিয়াং নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰত আজি চিয়াং নদীৰ বান খহনীয়াত প্ৰতিবছৰে শ শ পৰিয়ালৰ মাটি ভেটি, সম্পত্তি হেৰুৱাবলগীয়া হৈছে নৈপৰীয়া ৰাইজে|

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.