ETV Bharat / state

Jonai Youth Weaver : তাঁতশালত বহি সপোন ৰচিছে কণমানি ৰাজ পেগুৱে

author img

By

Published : Mar 28, 2023, 10:04 PM IST

তাঁতশালত সপোন ৰচিছে এটি কণমানিয়ে (Weaver in Assam) ৷ ভমকাফুলীয়া গামোচাৰ পৰা চাদৰ-মেখেলালৈ এগৰাকী কণমানি তাঁতিৰ হাতত প্ৰাণ পাইছে অসমীয়া বস্ত্ৰই (Jonai Youth Weaver weaves Mekhela Sador)৷

Jonai Youth Weaver
জোনাইৰ এজন কণমানি ল’ৰা শিপিনী
তাঁতশালত বহি সপোন ৰচিছে ৰাজ পেগুৱে

জোনাই, 28 মাৰ্চ : কোনে কয় ছোৱালী বা অকল মহিলাইহে তাঁতশালত বহি সপোন ৰচে । পুৰুষো যে তাৰ ব্যতিক্ৰম নহয়, এয়া বাস্তৱত ৰূপায়িত কৰিছে জোনাইৰ এজন কণমানি ল’ৰা শিপিনীয়ে । তাঁতশালত বহি মেখেলা-চাদৰৰ লগতে গামোচাত ভমকাফুলীয়া চানেকীৰে সকলোকে মুহিত কৰিছে জোনাইৰ এটি কণমানিয়ে (Jonai Youth Weaver weaves Mekhela Sador) ।

আমি কৈ থকা জোনাইৰ এই কিশোৰটিৰ নাম ৰাজ পেগু । জোনাইৰ তৰাজান গাঁৱৰ নিবাসী অমৃত পেগু আৰু জোনমণি পেগুৰ জ্যেষ্ঠ পুত্ৰ ৰাজ পেগু । নৱম শ্ৰেণীৰ ছাত্ৰ ৰাজ পেগুৱে সৰুৰে পৰাই তাঁতশালত বহি ৰচি আহিছে সপোন । ইতিমধ্যে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয় মেখেলা-চাদৰ আৰু গামোচাত ফুল বাচি উলিয়াইছে ৰাজ পেগুৱে (Weaver in Assam) ।

সৰুৰে পৰাই তাঁতশালত কাপোৰ বোৱা ৰাজ পেগুৱে পঢ়া-শুনাৰ সমানে বৈ উলিয়াইছে বিভিন্ন ৰং-বিৰঙী মেখেলা চাদৰ ৷ জোনাইৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজে বোৱা এই মেখেলা-চাদৰবোৰে সমাদৰ লাভ কৰি আহিছে । এই মেখেলা-চাদৰ বিক্ৰী কৰি পোৱা টকাৰে নিজৰ পঢ়াৰ খৰচৰ লগতে পোহপাল দি আহিছে পৰিয়ালটিক ।

ইয়াৰ উপৰিও কণমানি ৰাজ পেগুৱে ওচৰ চুবুৰীয়াৰ লগতে বিভিন্ন ঠাইৰ যুৱতী মহিলাসকলক দি আহিছে মেখেলা চাদৰ বোৱাৰ প্ৰশিক্ষণো ৷ ছাঁতে শুকুৱা মুঠিতে লুকুৱা অসমীয়া কাপোৰৰ প্ৰতি শৈশৱৰ পৰাই থকা ৰাজৰ ধাউতিক শলাগ লৈছে বিভিন্নজনে ৷

অৱশ্যে এই ক্ষেত্ৰত আজিলৈকে চৰকাৰৰ পৰা লাভ কৰা নাই কোনো সাহাৰ্য ৷ নিজৰ সাঁচতীয়া ধনেৰেই এই কাম কৰি গৈছে ৰাজ পেগু আৰু তেওঁৰ পৰিয়ালে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে ৰাজ পেগুৰ মাতৃয়ে ৷ লগতে তেওঁ উল্লেখ কৰে যে বিভাগীয় কৰ্তৃপক্ষ কিম্বা চৰকাৰৰ তৰফৰ পৰা যদি কিছু সাহাৰ্য লাভ কৰে, তেন্তে ইয়াতকৈ অধিক সুন্দৰকৈ কাম কৰিব পাৰিব ৰাজ পেগুৱে ৷

লগতে পঢ়ক : Nagaon district day : উলহ মালহেৰে উদযাপন হ’ল নগাঁও জিলা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.