ETV Bharat / state

সদৌ অসম কবি সন্মিলনৰ জোনাই শাখা কবি সন্মিলন গঠন - Jonai poetry concert

জোনাইত অনুষ্ঠিত 'কবিতাৰ দিন' শীৰ্ষক কাব্যানুষ্ঠান(Jonai poetry concert) । মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠান । কেইবাগৰাকীও বিশিষ্ট কবিয়ে কবিতা পাঠেৰে জীপাল কৰি তোলে উক্ত অনুষ্ঠানটিত ।

jonai branch poet conference formed
সদৌ অসম কবি সন্মিলনৰ জোনাই শাখা কবি সন্মিলন গঠন
author img

By

Published : Aug 30, 2022, 1:57 PM IST

জোনাই,৩০ আগষ্ট: জোনাই মহকুমাৰ মুৰ্কংচেলেক মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিৰূপক কোষৰ সৌজন্যত আৰু জোনাই প্ৰেছ ক্লাৱৰ সহযোগত সোমবাৰে অনুষ্ঠিত কৰা হয় সদৌ অসম কবি সন্মিলনৰ "কবিতাৰ দিন" শীৰ্ষক কাব্যানুষ্ঠানৰ(Jonai poetry concert) । মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কাব্যানুষ্ঠানখন মহাবিদ্যালয়খনৰ ছাত্ৰীসকলৰ এটি সমবেত গীতেৰে শুভাৰম্ভ কৰা হয় ।

কাব্যানুষ্ঠানত জগন্নাথ বৰুৱা মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক বিশিষ্ট লেখক, ড৽ মাণিক শইকীয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জ্যেষ্ঠসকলৰ পৰা নতুন প্ৰজন্মলৈ জ্ঞান চিৰ প্ৰবাহিত হৈ আছে বুলি উল্লেখ কৰি অসমীয়া কবিতাক বিশ্বমুখী কৰি তোলাৰ আহ্বান জনায়(Call to make Assamese poetry world-oriented) । সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাৱেগামে কবিতাক অধিক জনপ্ৰিয় আৰু জীৱনমুখী কৰিবলৈ অসমৰ চাৰিও কোণে 'কবিতাৰ দিন' পালন কৰি অহা বুলি মন্তব্য কৰে ।

সদৌ অসম কবি সন্মিলনৰ জোনাই শাখা কবি সন্মিলন গঠন

ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা 'চহা জীৱনৰ কবি' হিচাপে পৰিচিত কবি উৎপল দলেয়ে কবিসকল সুক্ষ্ম অনুভূতি প্ৰৱণ বুলি উল্লেখ কৰি কবিতাই জীৱনক উপলব্ধি কৰিবলৈ শিকাই আৰু জ্ঞানে মানুহক প্ৰকৃত বাট দেখুৱাই বুলি মন্তব্য কৰে । লগতে জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগুৱে উদেশ্য ব্যাখ্যা কৰি কবিতা সমাজ ৰূপান্তৰ এক শক্তিশালী মাধ্যম বুলি উল্লেখ কৰি কয় যে কবিসকলে উৎকৃষ্ট কাব্য সৃষ্টিৰে এখন সুস্থ প্ৰগতিশীল সমাজ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৽ দীপক কুমাৰ দলেয়ে আঁত ধৰা অনুষ্ঠানত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কবি জয়কুমাৰ দলে, বিশিষ্ট কবি তোষেশ্বৰ আগৰৱালা, সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি ৰাজুমণি বেজবৰুৱা, উৎপল দলে, অচ্যুত বৰা, উজ্জ্বল পামেগাম, ড৽ প্ৰান্তিক শৰ্মা, পল্লৱী হাজৰিকা দলে আদিয়ে কবিতা পাঠ কৰে । তদুপৰি অনুষ্ঠানত বহু কাব্যপ্ৰেমী উপস্থিত থাকে ।

লগতে পঢ়ক: চিপৰাঙৰ নালেৰে প্ৰহাৰ কৰি চুবুৰীয়াক হত্যা নিচাসক্ত যুৱকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.