ETV Bharat / state

AASKSU conference: উদয়পুৰত আৰম্ভ সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ অধিৱেশন

শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ধেমাজিৰ ডেকাপাম উদয়পুৰত আৰম্ভ হৈছে সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ জোনাই মহকুমা আৰু ডেকাপাম আঞ্চলিক সমিতিৰ অধিৱেশন (AASKSU conference in Jonai)। প্ৰথম দিনা পতাকা উত্তোলনেৰে অধিৱেশনৰ শুভাৰম্ভ । দেওবাৰেও বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হ'ব ।

Jonai
সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ অধিৱেশন
author img

By

Published : Oct 29, 2022, 2:49 PM IST

জোনাই, ২৯ অক্টোবৰ : সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ জোনাই মহকুমা সমিতিৰ পঞ্চম দ্বি-বাৰ্ষিক আৰু ডেকাপাম আঞ্চলিক সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন শনিবাৰৰ পৰা ডেকাপাম উদয়পুৰ ৰাজহুৱা খেলপথাৰত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ হৈছে (AASKSU conference in Jonai)। অধিৱেশনৰ প্ৰথম দিনটোৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ জোনাই মহকুমা সমিতিৰ সভাপতি ধৰ্মেন সোণোৱাল, ডেকাপাম আঞ্চলিক সমিতিৰ সভাপতি ভাইজান সোণোৱালৰ লগতে অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া আৰু জ্যেষ্ঠ নাগৰিকসকলে ।

সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ অধিৱেশন

তাৰ পাছতে স্মৃতি তৰ্পণ কৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ (All Assam Sonowal Kachari Students Union) জোনাই মহকুমা সমিতিৰ সাধাৰণ সম্পাদক ক্ষীৰোদ সোণোৱাল আৰু ডেকাপাম আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক টেপৰাম সোণোৱালে । অধিৱেশনৰ লগতে সংগতি ৰাখি গছপুলি ৰোপণ কৰে তেলাম খণ্ড বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মচাৰী হেমচন্দ্ৰ পাঞাং আৰু কৃষ্ণ গগৈয়ে । দুপৰীয়া মূল মঞ্চ উদ্ধোধন কৰে চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলেয়ে । ইয়াৰ পাছতে অনুষ্ঠিত হয় জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন ।

ইফালে বিয়লি কেৰিয়াৰ গাইডেন্স কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱালে । জানিব পৰা মতে অধিৱেশনৰ লগত সংগতি ৰাখি বিয়লি বিভিন্ন ক্ষেত্ৰৰ অগ্ৰণী ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হ'ব । সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ জোনাই মহকুমা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক বুদ্ধেশ্বৰ সোণোৱাল আৰু ডেকাপাম আঞ্চলিক সমিতিৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদিকা শেৱালি সোণোৱালৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হ'ব ।

পৰৱৰ্তী সময়ত ন-পুৰণি সতীৰ্থ সন্মীলন, সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে । নিশাৰ ভাগলৈ সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ জোনাই মহকুমা সমিতিৰ প্ৰতিনিধি সভা আৰু ডেকাপাম আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব ।

ইফালে দেওবাৰেও বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হ'ব । সাংস্কৃতিক শোভাযাত্ৰা আৰু জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শনৰ বিশেষ প্ৰস্তুতি চলাইছে বিষয়ববীয়াসকলে । জানিব পৰা মতে দেওবাৰৰ মুকলি সভাত মুখ্য অতিথি হিচাপে সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, BKWACৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰী, সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সচিব প্ৰধান চন্দন সোণোৱাল, সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মিৰেখা সোণোৱাল, স্থানীয় সাংসদ প্ৰদান বৰুৱা, স্থানীয় বিধায়ক ভূৱন পেগুৰ লগতে বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।

লগতে পঢ়ক :Bhaona performed: ঐতিহাসিক দক্ষিণপাট সত্ৰত হৰিশ্চন্দ্ৰ পালা ভাওনা প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.