ETV Bharat / state

সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই সাধাৰণ সভাৰ প্ৰস্তুতি তুংগত

author img

By

Published : Oct 14, 2019, 12:22 AM IST

তুংগত উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই সাধাৰণ সভাৰ প্ৰস্তুতি ৷ এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব চাৰি হাজাৰ প্ৰতিনিধিৰ লগতে আয়োজন কৰা হ’ব জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ, মুকলি কুইজ প্ৰতিযোগিতা, গ্ৰন্থ মেলা, প্ৰদৰ্শনী, সাংস্কৃতিক অনুষ্ঠান ৷

তুংগত সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই সাধাৰণ সভাৰ প্ৰস্তুতি

জোনাই, 13 অক্টোবৰঃ ধেমাজি জিলা আছুৰ উদ্যোগত জোনাই মহকুমা আছু আৰু জোনাই আঞ্চলিক আছু আৰু জোনাই ৰাইজৰ সহযোগত অহা 23 অক্টোবৰৰ পৰা 26 অক্টোবৰলৈ জোনাইত অনুষ্ঠিত হ’ব আছুৰ সাধাৰণ সভা | ইতিমধ্যে সভাখন সফল কৰি তুলিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে বুলি সংবাদমেলযোগে অৱগত কৰে জোনাই আছুৰ অভ্যৰ্থনা সমিতিয়ে ৷

প্ৰায় চাৰি হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলগীয়া এই সাধাৰণ সভাখনত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ এশটা সাংস্কৃতিক দলৰ অংশগ্ৰহণেৰে সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা, ৰাজ্যিক ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা, যশস্বী আৰু জনপ্ৰিয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান, বক্তৃতা অনুষ্ঠান, আলোচনা চক্ৰ, মুকলি সভা আদি কাৰ্য্যসূচী অনুষ্ঠিত কৰা হ’ব ৷ ইতিমধ্যে সভাখনক লৈ আশী শতাংশ কাম-কাজ সম্পূৰ্ণ কৰি তোলা হৈছে ৷

প্ৰস্তুতি সদৌ অসম ছাত্ৰ সন্থা জোনাইৰ সাধাৰণ সভাৰ

উল্লেখ্য যে, এই সাধাৰণ সভাখনৰ জৰিয়তে অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জোনাইক জিলা হিচাপে ঘোষণা কৰা, পৱা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় অভ্যয়াৰণ্য হিচাপে ঘোষণা কৰা, আছুৰ জোনাই সাধাৰণ সভাখন প্লাষ্টিক মুক্তকৰণ কৰা, মাদক দ্ৰব্য নিষিদ্ধ উপৰি জোনাইৰ বান খহনীয়াৰ লগতে বিভিন্ন সমস্যা সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি কয় উদ্যোক্তাই ৷

এই অনুষ্ঠানৰ প্ৰতিটো নিশাত আয়োজন কৰা হ’ব সাংস্কৃতিক কাৰ্যসূচী ৷ য’ত অংশগ্ৰহণ কৰিব অসমৰ বিভিন্ন প্ৰান্তৰ কন্ঠশিল্পী যেনে- পৰেশ পাংগিং, মল্লিকা শইকীয়া, সৰ্বেশ্বৰ কাৰ্দং, পবা গৌৰৱ নৱকিশোৰ টাৱ, আৰ্জন বসুমতাৰী, তৰাৱতী মিলি বৰি, নীল আকাশ, আচুৰ্য্য বৰপাত্ৰ, ৰাকেশ ৰিয়ান, বিনোদ বায় পেগু, গীতালি কাকতি, দীপলীনা ডেকা, জীনা ৰাজকুমাৰী, মৌচুমী গগৈ, গৌতম কোঁৱৰ, পংকজ বৰাৰ লগতে অন্তিম নিশা ঐ আপ্লুন গনেশ পেগু সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াত জুবিন গাৰ্গ, তৰুলতা কুটুম আৰু বিৰাজ মুছাহাৰীয়ে গীত পৰিৱেশন কৰিব |

Intro:Body:অংশগ্ৰহণ কৰিব চাৰি হাজাৰ প্ৰতিনিধি, জনগোষ্ঠীয় সংস্কৃতিক সমাৰোহ, মুকলি কুইজ প্ৰতিযোগিতা, গ্ৰন্থ মেলা, প্ৰদৰ্শনী, সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন / সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই সাধাৰণ সভাৰ প্ৰস্তুতি তুংগত

জোনাই ১৩ অক্টোবৰ
ধেমাজি জিলা আছুৰ উদ্যোগত, জোনাই মহকুমা আছু আৰু জোনাই আঞ্চলিক আছুৰ লগতে জোনাই ৰাইজৰ সহযোগত ২৩, ২৪, ২৫, আৰু ২৬ অক্টোবৰত ধেমাজি জিলা জোনাইত অনুষ্ঠিত হব আছুৰ সাধাৰণ সভা | অছুৰ জোনাই সাধাৰণ সভাখন সফল কৰি তুলিবলৈ ড° হৰকান্ত পেগুক সভাপতি, সুৰুজ কুমাৰ দলেক  কাৰ্যকৰী সভাপতি আৰু চিত্ৰৰঞ্জন বসুমতাৰীক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা অভ্যৰ্থনা সমিতিখনে ব্যাপক প্ৰস্তুতি চলাইছে বুলি আছুৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত জানিবলৈ দিয়ে |অসমৰ বিভিন্ন জিলাৰ পৰা চাৰিহাজাৰ প্ৰতিনিধিয়ে  অংশ গ্ৰহণ কৰিব লগা সাধাৰণ সভাখনত জনগোষ্ঠীয় সংস্কৃতিক সমাৰোহ এশ টা  সাংস্কৃতিক দলৰ অংশগ্ৰহণেৰে সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা, ৰাজ্যিক ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা, যশস্বী আৰু জনপ্ৰিয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান, বক্তৃতা অনুষ্ঠান, আলোচনা চক্ৰ, মুকলি সভা আদি কাৰ্য্যসুচী হাতত লোৱা হৈছে | ইতিমধ্যে জোনাইৰ শিক্ষাৰ বাটকটীয়া টাকাব চন্দ্ৰ মেদক সোঁৱৰণী মূল তোৰণ,  ভূপেন হাজৰিকা সোঁৱৰণী মূল মঞ্চ, শ্বহীদ খগেশ্বৰ তালুকদাৰ সোঁৱৰণী শ্বহীদ উদ্যান, ৰোহিনী পেগু আৰু শ্যাৱন্তী পেগু সোঁৱৰণী গ্ৰন্থ মেলা আৰু প্ৰৰ্দশনী, গগন চন্দ্ৰ আগৰৱালা সোঁৱৰণী জিৰণি চৰা, ড্ৰাম কুম্বাং সোঁৱৰণী অতিথি শালৰ কাম ইতিমধ্যে আশী শতাংশ অগ্ৰগতি হৈছে | ধেমাজি জিলা খনৰ সাংস্কৃতিক বৈচিত্ৰ্য বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়, বাৰে-ৰহণীয়া কৃষ্টি সংস্কৃতি সোণসেৰীয়া ঐতিহাসিক সকলোৰে সম্মুখত পৰিকল্পিত ৰূপত দাঙি ধৰিবলৈ প্ৰচেষ্টা লোৱা আছুৰ আছুৰ জোনাইৰ সাধাৰণ সভাখনৰ জৰিয়তে অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জোনাইক জিলা হিচাপে ঘোষণা কৰা, পৱা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় অভ্যয়াৰন্য হিচাপে ঘোষণা কৰা, আছুৰ  জোনাই সাধাৰণ সভা খন প্লাষ্টিক মুক্তকৰন, মাদক দ্ৰব্য নিষিদ্ধ উপৰি জোনাইৰ বান খহনীয়াৰ লগতে বিভিন্ন সমস্যা সমাধানৰ ওপৰত গুৰুত্ব  কৰা  হৈছে বুলি উদ্যোগক্তা সকলে উল্লেখ কৰে| অনুষ্ঠানৰ প্ৰতিটো নিশাত আয়োজন কৰা সাংস্কৃতিক কাৰ্যসূচীত কন্ঠশিল্পী পৰেশ পাংগিং, মল্লিকা শইকীয়া, সৰ্বেশ্বৰ কাৰ্দং, পবা গৌৰৱ নৱকিশোৰ টাৱ, আৰ্জন বসুমতাৰী, তৰাৱতী মিলি বৰি, নীল আকাশ, আচুৰ্য্য বৰপাত্ৰ, ৰাকেশ ৰিয়ান, বিনোদ বায় পেগু, গীতালি কাকতি, দীপলীনা ডেকা, জীনা ৰাজকুমাৰী, মৌচুমী গগৈ, গৌতম কোঁৱৰ, পঙ্কজ বৰাৰ লগতে অন্তিম নিশা ঐ আপ্লুন গনেশ পেগু সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াত জুবিন গাৰ্গ, তৰুলতা কুটুম আৰু বিৰাজ মুছাহাৰীয়ে গীত পৰিবেশন কৰিব|

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.