ধেমাজি, 30 নৱেম্বৰ: আজি জননেতা ভীমবৰ দেউৰীৰ 75 সংখ্যক মৃত্যু দিৱস(Jananeta Bhimbar Deuri Memorial Day) ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ উদ্যোগত আজি চিৰিপানি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জননেতা ভীমবৰ দেউৰীৰ 75 সংখ্যক স্মৃতি দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷ পুৱা সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি নিৰেন দেউৰীয়ে(Jananeta Bhimbar Deuri 75th Memorial Day) ৷
মুকলি সভাত অংশ লৈ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই জননেতা ভীমবৰ দেউৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে জননেতা ভীমবৰ দেউৰীয়ে বৰ্তমানৰ সমাজখনলৈ যি অনবদ্য অৱদান আগবঢ়াইছে সেয়া নিশ্চয় অনুকৰণীয় ৷ ভৱিষ্যৎ প্ৰজন্মক জন নেতাগৰাকীৰ কৰ্ম তথা আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যৰেই অসম চৰকাৰে জননেতাগৰাকীৰ স্মৃতিত ভীমবৰ দেউৰী বঁটা প্ৰদানৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ৷
বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰক ২০২২ বৰ্ষৰ বাবে অসম চৰকাৰৰ ভীমবৰ দেউৰী বঁটা ২০২৩ বৰ্ষৰ অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া শিল্পী দিৱসত প্ৰদান কৰা হব বুলি মন্ত্ৰী বড়াই ঘোষণা কৰে ৷ মন্ত্ৰী বড়াই দেউৰী জনগোষ্ঠীৰ লগতে অসমৰ উত্তৰণৰ ক্ষেত্ৰত জননেতা ভীমবৰ দেউৰীৰ মহান অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে(Bimal Borah in Bhimbar Deuri Memorial Day) ৷
জননেতা ভীমবৰ দেউৰীৰ প্ৰতিমূৰ্তিত স্মৃতি তৰ্পণ কৰে সাধাৰণ সম্পাদক তপন দেউৰীয়ে ৷ ভীমবৰ দেউৰীৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণৰ পিছতে ,বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰা হয় ৷ দুপৰীয়াৰ মুকলি সভাত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই (Cultural minister Bimal Borah), বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে স্থানীয় সাংসদ প্ৰদান বৰুৱা(MP Pradan Baruah),বিধায়ক ভূৱন পেগু আৰু সাংস্কৃতিক বিভাগৰ সঞ্চালক মিনাক্ষী দাস নাথ ৷
উল্লেখ্য যে 2020 বৰ্ষত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছিল ভীমবৰ দেউৰী বঁটা ৷
লগতে পঢ়ক: Gadag district farmers: 205 কিলো পিয়াঁজ বিক্ৰী কৰি মুনাফাৰ নামত কৃষকে পালে মাত্ৰ 8 টকা