ধেমাজি, 26 নৱেম্বৰ: ধেমাজি শিক্ষাখণ্ডৰ অধীনৰ কেৰকনি আদৰ্শ হাইস্কুল আৰু কেৰকনি অংগনৱাড়ী কেন্দ্ৰত স্থাপন কৰা জলজীৱন আঁচনিখনক লৈ উদ্বিগ্ন হৈ পৰিছে বিদ্যালয়ৰ কৰ্তপক্ষ, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় সচেতন মহল ৷ অতি ব্যয়বহুল এই আঁচনিখনৰ নামত কণ কণ শিক্ষাৰ্থীৰ জীৱনৰ সৈতে সংশ্লিষ্ট বিভাগে হেতালি খেলাৰ অভিযোগ(Jal Jeevan Mission in Dhemaji) ৷
কিয়নো আঁচনিখন স্থাপন কৰিলে যদিও ইয়াৰ টেপসমূহৰ পৰা ওলোৱা পানীত দূৰ্গন্ধ আৰু আইৰনযুক্ত হোৱা বাবে সেৱন কৰিব নোৱাৰে ইয়াৰ পানী ৷ পানীত আইৰনৰ পৰিমান ইমানেই বেছি যে পানী টেপৰ নলসমূহো হৈ পৰিছে গাঢ় ৰঙচুৱা ৷ যাৰ ফলত ছাত্ৰছাত্ৰীসকলে এটুপি বিশুদ্ধ খোৱাপানী বিচাৰি হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে(Clean drinking water in Dhemaji) ৷ তদ্ৰূপ অৱস্থা অঞ্চলটো কেইবাখনো বিদ্যালয়ত ৷
এই বিষয়ে বিদ্যালয়ৰ কৰ্তপক্ষ আৰু স্থানীয় চুতীয়া জাতি ছাত্ৰ সন্থাই সংশ্লিষ্ট বিভাগক অৱগত কৰি অহা সত্বেও আজিকোপতি গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ মন কৰিবলগীয়া যে, ঘৰে ঘৰে আৰু শিক্ষানুষ্ঠানসমূহত বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত ৰূপায়ন কৰা জলজীৱন আঁচনিখন ধেমাজিত বগাহাতীলৈ পৰ্যবসিত হৈছে সি ধুৰুপ(Jal Jeevan Mission has shown a lot of disparities) ৷
এই আঁচনিখনৰ জৰিয়তে সৰ্বসাধাৰণ জনতা লাভাম্বিত হোৱাৰ বিপৰীতে চন্দুকহে গধুৰ হৈ গৈ আছে সংশ্লিষ্ট বিভাগৰ একাংশ বিষয়া, কৰ্মচাৰী আৰু ঠিকাদাৰ ৷ এইক্ষেত্ৰত চৰকাৰক সুদৃষ্টি দিবলৈ আহ্বান জনাইছে বিদ্যালয় কৰ্তৃপক্ষ তথা স্থানীয় সংগঠনে ৷ উল্লেখ্য যে, অসমত জলজীৱন মিছনৰ বাবে কেন্দ্ৰীয় চৰকাৰে 26 হাজাৰ কোটি টকা মুকলি কৰি দিছে ৷
চৰকাৰী তথ্য মতে, 2019 চনৰ পৰা আৰম্ভ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই সপোনৰ আঁচনিখনৰ জৰিয়তে 2024 চনৰ ভিতৰত অসমৰ প্ৰতিটো পৰিয়ালে বিশুদ্ধ খোৱাপানী লাভ কৰিব ৷ কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ এই সপোনৰ এখন বিপৰীত ছবিহে দেখা গৈছে ধেমাজিত ৷ অতি ব্যয়বহুল এই অভিলাষী আঁচনিখন ৰূপায়নৰ নামত একাংশ বিষয়া-কৰ্মচাৰীয়ে নিজৰ চন্দুকহে গধুৰ কৰাত ব্যস্ত হৈছে ৷ যাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে সৰ্বাসাধাৰণ জনতা ৷
লগতে পঢ়ক: ধেমাজিত জল জীৱন মিছন আঁচনিৰ শুভাৰম্ভণি