পূৱ বিলাসীপাৰা, 29 আগষ্ট : পূৱ বিলাসীপাৰাত এতিয়া প্ৰৱঞ্চণাৰ আন এক নাম জলসিঞ্চন বিভাগ । অঞ্চলটোত কৃষকক খেতি পথাৰত পানীৰ যোগান ধৰাৰ নামত কোটি কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা শালকোচাৰ শ্ৰীগ্ৰাম পানী যোগান প্ৰকল্পটো বিকল হৈ থকাৰ উত্থাপিত হৈছে অভিযোগ ৷ চাপৰ উপ সংমণ্ডল (জলসিঞ্চন)ৰ অধীনত শালকোচাৰ শ্ৰীগ্ৰাম চতুৰ্থ খণ্ডত ১৯৮৯ চনত নিৰ্মাণ কৰা হৈছিল এটা পানী যোগান প্ৰকল্প ৷
জলসিঞ্চন বিভাগে খেতিপথাৰত পানী যোগান ধৰাৰ কাৰণে নিৰ্মাণ কৰিছিল এই প্ৰকল্পটো । কিন্তু প্ৰকল্প নিৰ্মাণ কৰাৰ কিছুদিনৰ পাছৰে পৰা আজিলৈকে কৃষকে খেতিৰ বাবে পানী লাভ কৰিবলৈ সক্ষম নহ’ল ৷ কেৱল পানী যোগানৰ বাবে লাখ লাখ টকাৰে প্ৰকল্প নিৰ্মাণৰ নামত কেৱল চৰকাৰী ধন ঘটাৰ যন্ত্ৰতহে যেন পৰিণত হৈছে জিলাখনৰ জলসিঞ্চন বিভাগটো ।

তদুপৰি প্ৰকল্প নিৰ্মাণৰ নামতো বিভাগটোৱে দুৰ্নীতি কৰাৰ অভিযোগ উঠিছে ৷ অভিযোগ মৰ্মে শ্ৰীগ্ৰাম DTWS প্ৰকল্পটোত নুৰ নবী আহমেদক চাকৰি দিয়াৰ প্ৰলোভনেৰে বিভাগটোৱে তেওঁৰ ভূমি লৈ প্ৰকল্পটো নিৰ্মাণ কৰিছিল ৷

কিন্তু আজিকোপতি নুৰ নবি আহমেদক চাকৰি দিয়া নহ’ল ৷ ভুক্তভোগী কৃষকে প্ৰকল্পটো শীঘ্ৰে কাৰ্যক্ষম কৰি কৃষক পানীৰ যোগান ধৰাৰ লগতে বিভাগটোৱে দিয়া প্ৰতিশ্ৰুতি পালন কৰিব লাগে বুলি দাবী জনাইছে ।

লগতে পঢ়ক : ক’ভিড ব্যৱস্থাপনাত হোৱা খৰচৰ অনাদায় ধন শীঘ্ৰেই পৰিশোধৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ