ETV Bharat / state

Har Ghar Dastak in Dhemaji: ৰাজুৱে ক’লে, মোক গুলিয়াই মাৰক, মই ভেকচিন নলও - মোক গুলিয়াই মাৰক

মোক গুলিয়াই মাৰক, কিন্তু মই ভেকচিন নলও ৷ জোনাই মহকুমা স্বাস্থ্যবিষয়া আৰু স্বাস্থ্যকৰ্মীৰ দলক এই হুংকাৰ এজন যুৱকৰ ৷ তাৰ পাছত, জানিবলৈ চাওঁক এই প্ৰতিবেদন...

interesting-incident-during-covid-vaccination-drive-under-har-ghar-dastak-in-Dhemaji
অৱশেষত ভেকচিন ল’লে ৰাজুৱে
author img

By

Published : Dec 4, 2021, 7:38 PM IST

জোনাই ৪ ডিচেম্বৰ : হৰ ঘৰ দস্তক অভিযান(Har Ghar Dastak in Dhemaji)ৰ অধীনত শনিবাৰে জোনাইত ভেকচিন(Covid Vaccination Drive) দিবলৈ যোৱা চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ দলৰ লগত সংঘটিত হ’ল লটিঘটি ৷ চিকিৎসকৰ দল দেখি ক্ৰোধান্বিত হৈ পৰিল এতিয়ালৈ ভেকচিন নোলোৱা এজন যুৱক ৷ স্বাস্থ্য বিষয়াৰ লগতে স্বাস্থ্য বিভাগৰ কর্মচাৰীৰ লগত তর্ক-বিতর্কত লিপ্ত হয় যুৱকজন ৷ লাগিলে মোক গুলিয়াই মাৰক; কিন্তু মই ক’ভিড ভেকচিন নলও বুলি স্বাস্থ্যবিষয়া আৰু স্বাস্থ্যকৰ্মীৰ দলক হুংকাৰো দিয়ে যুৱকজনে ৷

অৱশেষত ভেকচিন ল’লে ৰাজুৱে

যুৱকজন জোনাইৰ ২ নং মূৰ্কংচেলেকৰ ৰাজু পেগু ৷ বি এ অ’, নাৰ্চ-আশাকৰ্মী লগতে চেক্টৰ বিষয়াই ভেকচিন ল’বলৈ অনুৰোধ জনোৱাৰ পিছতো ৰাজু পেগুৱে ভেকচিন ল’বলৈ মান্তি নোহোৱাত অৱশেষত যুৱকজনৰ ঘৰত উপস্থিত হয় জোনাই মহকুমাৰ স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামান(Jonai Subdivision Health Officer Dr Kishore Kumar Kaman), জোনাই আৰক্ষীৰ দল লগতে স্বাস্থ্যকৰ্মী আৰু নিয়োগ বিষয়া কৰ্মী ৷ ইফালে এনেকৈ স্বাস্থ্যকৰ্মী আৰু আৰক্ষী প্ৰশাসনৰ লোক ক’ভিড ভেকচিন দিবলৈ দলে বলে অহা দেখি খঙত অগ্নিশৰ্মা হৈ যুৱকজনে মোক গুলিয়াই মাৰক, কিন্তু মই ভেকচিন নলও বুলি চিঞৰি চিঞৰি স্বাস্থ্যকৰ্মীৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হয় ৷

Har Ghar Dastak in Dhemaji
অৱশেষত ভেকচিন ল’লে ৰাজুৱে

অৱশেষত জোনাই মহকুমা স্বাস্থ্য বিষয়াৰ লগতে আৰক্ষীৰ বহু বুজনিৰ অন্তত ভেকচিন গ্ৰহণ কৰে ৰাজু পেগুৱে ৷ জানিব পৰা মতে ৰাজু পেগুৱে খুৱেই ভয় কৰে বেজিলৈ ৷ আজিলৈকে এবাৰো বেজিয়ে লৈ পোৱা নাই ৰাজুৱে, যাৰ বাবে সৃষ্টি হয় এনে পৰিস্থিতিৰ ৷

লগতে পঢ়ক : Covid Vaccination Drive : কিয় ভেকচিন নল’লে মানিয়া কায়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.