ETV Bharat / state

Kobu chapori flood : জোনাইত উদ্ধাৰ সুগৰী পহু

author img

By

Published : Nov 21, 2021, 9:28 AM IST

কবু চাপৰি বান (Kobu chapori flood)ৰ ফলত দিশহাৰা হৈ পৰিছে বহু বন্যপ্ৰাণী ৷ ইয়াৰ মাজতে বানৰ ফলত আশ্ৰয় লোৱা এটি গাভিনী সুগৰী পহু(Indian Hoog Deer) 3নং ৱাৰ্ডৰ এঘৰ লোকৰ ঘৰৰ ভিতৰৰ পৰা ৰাইজে উদ্ধাৰ কৰে ৷

kobu-chapori-flood
Kobu chapori flood: Jonaiত উদ্ধাৰ সুগৰী পহু(Sugar cane

জোনাই, 21 নৱেম্বৰ : বানে বিধ্বস্ত কৰা কবু চাপৰিত (Kobu chapori flood) এতিয়া বন্যপ্ৰাণীৰ হাহাকাৰ ৷ শনিবাৰে জোনাই(Jonai)ৰ নদীদ্বীপ তথা বানে বিধস্ত কৰা কবু চাপৰিৰ 3নং ৱাৰ্ডৰ এঘৰ লোকৰ ঘৰৰ ভিতৰৰ পৰা ৰাইজে উদ্ধাৰ কৰে এটা দিশহাৰা সুগৰী পহু (Indian Hoog Deer) ৷ ইয়াৰ পিছতে নাতন দলে নামৰ স্থানীয় প্ৰকৃতি প্ৰেমী এজন যুৱকে কবু চাপৰিৰ পৰা এখন নাৱেৰে সুগৰী পহুটোক সংৰক্ষিত পবা বনাঞ্চলৰ তিনিমাইল বিটলৈ আনে ৷

লগতে উক্ত বিটতে সুগৰী পহুটো বনবিভাগ (kobu chapori Forest Department)ক চমজাই দিয়ে প্ৰকৃতিপ্ৰেমী নাতন দলেই ৷ বানত দিশহাৰা হৈ কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা সুগৰী পহুটোক জোনাইৰ পশু চিকিৎসা বিভাগত প্ৰাথমিক চিকিৎসা কৰা হয় ৷ ইয়াৰ পাচতে পবা সংৰক্ষিত বনাঞ্চল(Poba Reserve Forest)ত সুগৰী পহুটোক এৰি দিয়ে বন বিভাগে ৷

উল্লেখ্য যে, বিগত কেইবাবছৰৰ পৰা বানৰ কবলত পৰি আহিছে কবু চাপৰি ৷ বানৰ ফলত কবু চাপৰিত মৃত্যু ঘটিছে বহু সুগৰী পহুৰ ৷ সেয়েহে কবু চাপৰিৰ প্ৰকৃতিপ্ৰেমী ৰাইজে বান আৰু খহনীয়াত বিধ্বস্ত কবু চাপৰিত এতিয়াও আৱদ্ধ হৈ থকা পহু, বন্যপ্ৰাণীসমূহ উদ্ধাৰ কৰি পবা বনাঞ্চলত এৰি দিবলৈ বন বিভাগক আহ্বান জনাইছে ৷ অন্যথা এদিন কবু চাপৰিৰ পৰা অচিৰেই নিঃশেষ হ'ব বন্যপ্ৰাণীসমূহ ৷

লগতে পঢ়ক: monkey attack : বৰপেটাত নিচাসক্ত হৈ বান্দৰে চলালে উপদ্ৰৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.