ধেমাজি, ২১ ডিচেম্বৰ : ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্রৰ অন্তৰ্গত লটাকস্থিত এন চি ডি মহাবিদ্যালয়ৰ জনাকীর্ণ প্ৰেক্ষাগৃহত সোমবাৰে মিছিং কাব্য গ্ৰন্থ ' নম আইপে মে: নামচে টা: লা: মা: নাম পাব্বে' উন্মোচন কৰা হয় । গুৱাহাটী-ৰামপুৰৰ পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত প্ৰকাশিত গ্ৰন্থখন উন্মোচন কৰে মিছিং সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা বিশিষ্ট সাহিত্যিক কালিনাথ পাংগিঙে ৷ তেওঁ গ্ৰন্থখন উন্মোচন কৰি কয় যে, 'কবিসকলৰ হৃদয় আলফুলীয়া হ'ব লাগে । মিছিং কাব্য সাহিত্যৰ স'তে জড়িত কবিসকলৰ সৰহভাগ কবিতাত প্ৰেম- ভালপোৱা, বান, গৰাখহনীয়াই জুৰুলা কৰা আদি অনেক কথা থাকে । কবিসকলৰ অহমিকা থাকিব নালাগে। মিছিং কবিতাত প্ৰেমৰ এটি নতুন ধাৰা সৃষ্টি কৰিলে চন্দ্র জ্যোতি দলে । তেওঁৰ কবিতাবোৰে যথেষ্ট অৰ্থ বহন কৰিছে' ।
গোগামুখ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট সাহিত্যিক দীনমোহন দলে সঞ্চালনা কৰা সভাখনত উপস্থিত থাকি বিশিষ্ট কবি- সমালোচক বিপুল শৰ্মাই কয় 'কবিতা দীঘল হ'বনে চুটি হ'ব, এইলৈ কোনো কবিয়ে মূৰ ঘমাব নালাগে । মাথোঁ এখন জীয়া ছবি দাঙি ধৰিব লাগে' । ইয়াৰোপৰি বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক, বিশিষ্ট কবি, লেখক তথা সাংবাদিক দীপক শৰ্মাইও কয় 'এখন সুন্দৰ নিকা সমাজ গঢ় দিব পাৰে কবি, সাহিত্যিক, শিল্পীসকলে । মননশীল সাহিত্য সৃষ্টিৰ বাবে নিকা অন্তৰৰ হ'ব লাগে । থান-বান হ'বলৈ ধৰা সমাজখন কবি- সাহিত্যিকসকলে কেনেদৰে সমন্বয় বজায় ৰাখিব পাৰে, তাৰ ওপৰত চিন্তা কৰিব লাগে' ।
সভাৰ আৰম্ভণিতে মিছিং জাতিৰ পিতামহ, মিছিং সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, বৰেণ্য ভাষাবিজ্ঞানী, শিক্ষাবিদ টাবুৰাম টাইদৰ স্থিৰচিত্ৰত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে বিশিষ্ট লেখক ৰামেশ্বৰ মেদক তথা সমবেত সুধীবৃন্দই । লগতে জনপ্রিয় শিল্পী মৃনাংক পাটিৰে অসমীয়া- মিছিং গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৰ্দ্ধন কৰে । উক্ত অনুষ্ঠানত অনাতাঁৰ শিল্পী মুহিৰাম পেগু, লেখক কেশৱ পাইত, কবি হেমন্ত টাইদে বিশিষ্ট অতিথিৰ ভাষণত চন্দ্র জ্যোতি দলেৰ কাব্য প্ৰতিভাক ভূয়সী প্ৰশংসা কৰে। সোৱণশিৰি মহাবিদ্যালয়ৰ অধ্যাপক তথা সচেতন লেখক দুষ্যন্ত নৰহে উদ্ধোধন কৰা সভাত কবি ভৱ দলে, সমাজসেৱী ত্ৰিদীপ দলে, শিক্ষক প্ৰদীপ পাতিৰ, নৰ্থ বেংক মহাবিদ্যালয়ৰ অধ্যাপক ভৱেশ মৰাং, সাংস্কৃতিক কৰ্মী নিকুঞ্জ পাতিৰ আদি ভালেসংখ্যক বৃহত্তৰ অঞ্চলটোৰ বিশিষ্ট লোক উপস্থিত থাকে ।