জোনাই,১২ জুন : জোনাইৰ অসম-অৰুণাচল সীমান্তৰ ৰুকচিনত শনিবাৰে জোনাই আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা(Arunachali liquor seized in Jonai) । জানিব পৰা মতে শনিবাৰে নাহৰ লগুনৰ পৰা লিকাবালি হৈ অৰুণাচলৰ আলঙলৈ আবকাৰী বিভাগৰ দ্বাৰা অনুমোদিত AS 07 BC 0876 নম্বৰৰ এখন অৰুণাচলী সুৰাভৰ্তি ট্রাক জোনাই সীমান্তৰ ৰুকচিনত জব্দ কৰে জোনাই আৰক্ষীয়ে ।
জোনাই আৰক্ষীয়ে অৰুণাচলী সুৰাখিনি জব্দ কৰি চমজায় দিয়ে জোনাই আৱকাৰী বিভাগক (Arunachali liquor seized)। জানিব পৰামতে ট্রাকখনত আছিল প্ৰায় ৮০০ কেচ অৰুণাচলী সুৰা । আৱকাৰী বিভাগে জনোৱা তথ্য অনুসৰি অৰুণাচলী সুৰা চিলাপথাৰৰ লিকাবালি হৈ অৰুণাচলৰ মাজেৰে আলঙলৈ নিব লাগে যদিও জোনাইৰ পৰা অৰুণাচলৈ নিয়াৰ কোনো অনুমোদন নথকাকৈ নিয়ম উলংঘা কৰি নিয়াৰ বাবেই জব্দ কৰে অৰুণাচলী সুৰা ভৰ্তি ট্ৰাকখন ।
ইফালে সুৰাভৰ্তি ট্রাকখন জব্দ কৰাৰ লগতে আটকৰে ট্ৰাকখনৰ চালকগৰাকীক । আটকাধীন ট্ৰাকখনৰ চালকগৰাকীক জোনাই আদালত হাজিৰ কৰাই আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: হোজাই আৰক্ষীৰ বৃহৎ সফলতা: ৪খন বাহনৰ পৰা উদ্ধাৰ ২৬ টা চোৰাং গৰু