ETV Bharat / state

লুইত এৰ' প্ৰডাক্ট পৰিদৰ্শন ড৹ হিমন্ত বিশ্ব শৰ্মাৰ - লুইত এৰ' প্ৰডাক্ট

চিলাপথাৰত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শমা’ই পৰিদৰ্শন কৰে অক্সিজেন প্ৰকল্প ৷ চিলাপথাৰত নতুনকৈ স্থাপন কৰা "লুইত এৰ' প্ৰডাক্ট" অক্সিজেন প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ উৎপাদন প্ৰকল্প আৰু ৰাজ্য চৰকাৰৰ মাজত MOU সম্পন্ন ৷

লুইত এৰ' প্ৰডাক্ট পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : May 1, 2021, 7:04 AM IST

ধেমাজি, 1 মে’: শুকুৰবাৰে চিলাপথাৰৰ ঔদ্যোগিক প্ৰকল্পত স্থাপন কৰা দৈনিক ৩.৯ মেট্ৰিক টন উৎপাদনক্ষম লুইত এৰ’ প্ৰডাক্ট নামৰ অক্সিজেন উৎপাদন প্ৰকল্প পৰিদৰ্শন কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । লগতে প্ৰকল্পৰ কৰ্তৃপক্ষৰ লগত ৰাজ্য চৰকাৰৰ এখন MOU ও স্বাক্ষৰ কৰে ।

লুইত এৰ' প্ৰডাক্ট পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
লুইত এৰ' প্ৰডাক্ট পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত দৈনিক ০.৯ মেট্ৰিকটন উৎপাদনক্ষম মুঠ ১১ টা প্ৰকল্প স্থাপন কৰা হৈছে । আনহাতে, ব্যক্তিগত খণ্ডৰ পাঁচটা প্ৰকল্পই অক্সিজেন উৎপাদন কৰি আছে । বিভিন্ন জিলাত ছয়টা প্ৰকল্পৰ নিৰ্মান চলি আছে । শিলচৰ মেডিকেল কলেজতো দুটা প্ৰকল্পৰ কাম চলি থকা হৈছে ।

আনকি,ৰাজ্যৰ স্বাস্থ্য বিভাগৰ হাতত যিকোনো পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ যথেষ্ট অক্সিজেন মজুত আছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি, ৰাজ্যত দৈনিক ২২ মেট্ৰিকটন অক্সিজেনৰ প্ৰয়োজন । ইয়াৰ বিপৰীতে বৰ্তমান ৰাজ্যখনত দৈনিক ৬৮ মেট্ৰিকটন উৎপাদন হৈ আছে ।

চিলাপথাৰত স্থাপন কৰা প্ৰকল্পটোৰ সন্দৰ্ভত তেওঁ কয় যে, এইটো প্ৰকল্পই চুবুৰীয়া জিলা কেইঠাইতো অক্সিজেন যোগানৰ ক্ষেত্ৰত পৰিবহন ব্যয় যথেষ্ট হ্ৰাস কৰিব । প্ৰকল্পটোৱে বৰ্তমান সন্মুখীন হৈ থকা বিজুলী আৰু পানীৰ সমস্যা সমাধান কৰি দিয়াৰ আশ্বাস দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: বেতেৰে নিৰ্মাণ কৰা এখন অত্যাধুনিক বিশেষ বুলেট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.