ETV Bharat / state

HIV-Positive Cases in Assam: ধেমাজিত অধিক হাৰত বৃদ্ধি পাইছে এইডছ ৰোগীৰ সংখ্যা

author img

By

Published : Dec 1, 2021, 9:08 PM IST

এইডছৰ ওপৰত সজাগতা সৃষ্টি লক্ষ্যৰে প্ৰতিবছৰে 1 ডিচেম্বৰৰ দিনটোত উদযাপন কৰা হয় বিশ্ব এইডছ দিৱস ৷ বিশ্ব এইডছ দিৱস (World Aids Day) বিশ্ব স্বাস্থ্য সংস্থায়ে মানি অহা আঠটা গোলকীয় জনস্বাস্থ্য প্ৰচাৰ অভিযানৰ এটা । অসমত এইডছ নিয়ন্ত্ৰণৰ নামত এইডছ নিয়ন্ত্ৰণ পৰিষদে বৃহৎ পুঁজি ব্যয় কৰি আহিছে যদিও এতিয়াও বিভিন্ন জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাই আহিছে এইডছত আক্ৰান্ত লোক(HIV Scenerio in Assam)ৰ সংখ্যা ৷ ধেমাজি এই জিলাসমূহৰ অন্যতম (High number of HIV-positive cases in Dhemaji)৷

AIDS cases has increased anxiously in Dhemaji
ধেমাজিত বিশ্ব এইডছ দিৱস পালন

ধেমাজি, 1 ডিচেম্বৰ : ধেমাজি জিলাত ক্ৰমান্ধয়ে বৃদ্ধি পাইছে এইডছ ৰোগী(High number of HIV-positive cases in Dhemaji)ৰ সংখ্যা ৷ ২০১৯ৰ জৰীপৰ মতে জিলাখনৰ ১১০ গৰাকী লোক আক্ৰান্ত হৈছে এইচ আই ভিত ৷ ২০২০-২১ বৰ্ষত ক’ভিডকালীন পৰিস্থিতিত এই ৰোগত আক্ৰান্তৰ সংখ্যা অধিক হাৰত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ বিশ্ব এইডছ দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে ধেমাজিত আয়োজিত এক অনুষ্ঠানত এই তথ্য সদৰি কৰে ধেমাজি জিলা এইডছ নিয়ন্ত্ৰণ(AIDS Control Council Dhemaji) বিষয়া জে এম প্ৰসাদে ৷

ধেমাজি জিলা এইডছ নিয়ন্ত্ৰণ বিষয়াগৰাকীয়ে জিলাখনত অবাধে বৃদ্ধি পোৱা যৌনকৰ্মী, সমলিংগৰ যৌন সম্পৰ্ক, ড্ৰাগছৰ প্ৰতি আসক্তি, বহিঃজিলাৰ পৰা অহা শ্ৰমিক আৰু ট্ৰাক চালকৰ পৰা এই ৰোগ সংক্ৰমিত হৈছে বুলি উদ্বেগজনক মন্তব্য কৰে ৷ তেওঁ জিলাখনত এইডছ নিয়ন্ত্ৰণৰ বাবে তিনিটা গ্ৰুপে পৃথকে পৃথকে কাম কৰি আছে বুলি জানিবলৈ দিয়ে । ইয়াৰে ভিতৰত Targeted Intervention Project আৰু আহানা অন্যতম ৷ কিন্তু ইয়াৰ পাছতো জিলাখনত ইয়াৰ প্ৰাদুৰ্ভাৱ হ্ৰাস নোপোৱাত ধেমাজি জিলা স্বাস্থ্য বিভাগে উদ্বেগ প্ৰকাশ কৰিছে ৷

ধেমাজি জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া জে এম প্ৰসাদ

ধেমাজি জিলাত প্ৰতিবছৰে এইডছ নিয়ন্ত্ৰণৰ নামত বিভাগটোৱে বৃহৎ পুঁজি ব্যয় কৰি আহিছে যদিও সেই অনুপাতে কমা নাই এইডছত আক্ৰান্ত লোকৰ সংখ্যা ৷ জে এম প্ৰসাদে সদৰি কৰা অনুসৰি ইয়াৰ আঁৰত আছে এইডছৰ প্ৰতি সচেতন নহয় সমাজৰ বিভিন্ন স্তৰৰ লোক ৷ তেওঁ এইডছৰ প্ৰতি সমাজৰ সকলো স্তৰৰ লোকৰ মাজত সজাগতা সৃষ্টিৰ বাবে এতিয়াৰে পৰা স্কুল কলেজৰ পাঠ্যক্ৰমত এইডচ ভয়াৱহতাৰ ওপৰত শিক্ষাদানৰ আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : HIV Positive Cases increases in lakhimpur : লখিমপুৰত 81 গৰাকীলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.