জোনাই,12 জুলাইঃ ধেমাজি জিলাৰ জোনাইত বিগত এমাহে চিয়াং আৰু লালী নৈৰ বানত প্লাবিত হৈ আছে প্ৰায় অৰ্ধশতাধিক গাঁও ৷ বিশেষকৈ জিলাখনৰ বেৰাচাপৰি, লুহিজান, ৰাংকপদেউৰী ,বিজপুৰ আদি অঞ্চলৰ অৱস্থা ক্ৰমাৎ অধিক শোচনীয় হৈ পৰিছে ৷ আনহাতে, মতাফৰিত আশ্ৰয় লোৱা বন্যাৰ্তৰ মাজত দেখা গৈছে খাদ্য আৰু তিৰপালক লৈ হাহাকাৰ ৷ মহকুমা প্ৰশাসনেও পৰ্যাপ্ত খাদ্য আৰু তিৰপাল যোগান নধৰাৰ অভিযোগ উত্থাপন কৰিছে শিবিৰত থকা লোকসকলে ৷
ৰাইজৰ এই দুৰ্যোগৰ সময়তেই বানাক্ৰান্ত অঞ্চলৰ ৩৪০ টা শিবিৰত সাহাৰ্য বিতৰণ কৰে ১০ নং জোনাই দেউৰী পৰিষদীয় সমষ্টিৰ সদস্য হেমন্ত দেউৰীয়ে ৷ ১০ নং জোনাই দেউৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰোহিত পুৰ দেউৰী গাওঁ, লোহিজান, হৰিপুৰ, ১ নং ৰাংকপ, ২ নং ৰাংকপ, বিজয়পুৰ বৰং এৰাসুতি, জামজিং, লাইমেকুৰী, জেলম, চিৰুঙৰ বানাক্ৰান্ত লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে দেউৰী পৰিষদীয় সমষ্টিৰ সদস্যগৰাকীয়ে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও 340 টা পৰিয়ালক বান সাহাৰ্য প্ৰদান কৰিছিল হেমন্ত দেউৰীয়ে ৷
লগতে পঢ়ক- পুঠিমাৰী নৈয়ে বিপদ মাতিছে বগৰীবাৰী মথাউৰিলৈ