ধেমাজি, ২৭ এপ্ৰিল : ৰাজ্যত সম্প্ৰতি অব্যাহত আছে বিধ্বংসী ধুমুহাৰ তাণ্ডৱ (storm hits in Assam) । বিশেষকৈ বিগত এটা সপ্তাহত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাই ধাৰণ কৰিছে সংহাৰী ৰূপ । যাৰ ফলত ঘৰ-বাৰী, ধন-জন, সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে । বহুতৰে ঘৰৰ ওপৰৰ চালিখন ধুমুহাই উৰুৱাই নিয়াৰ ফলত আকাশৰ তৰা গণি কটাবলগীয়া হৈছে দিন-নিশা (heavy storm in Assam) । একেদৰে ধেমাজিতো ধুমুহাই ধাৰণ কৰিছে ধ্বংসাত্মক ৰূপ (Thunderstorm hits in Dhemaji) ।
বিস্তৰ ক্ষতিসাধন হৈছে ধুমুহাৰ ফলত । কিন্তু ধেমাজিত ধুমুহাত গৃহহাৰা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ বিননি শুনোতা যেন কোনো নাই ৷ সৰ্বহাৰা পৰিয়ালে অঘৰীj দৰে কটাইছে জীৱন ৷ সাচঁতীয়া টকাৰে অতি কষ্টেৰে নিৰ্মাণ কৰা ঘৰটো ভাঙি নিমিষতে ধ্বংসস্তূপত পৰিণত হোৱাৰ পিচত ঘৰটো পুনৰ নিৰ্মাণ কৰিবলৈ অসমৰ্থ হৈ পৰিছে ধুমুহাত আক্ৰান্ত পৰিয়াল (storm hits in Dhemaji) ৷ তাতোকৈ ডাঙৰ কথা, ধুমুহা পাৰ হৈ যোৱাৰ তিনিটা দিন অতিক্ৰম কৰাৰ পিচতো খবৰ ল'বলৈ আহৰি পোৱা নাই প্ৰশাসনৰ লোকে ৷
আনহাতে, ধুমুহা হৈ যোৱাৰ পিচত অনাহাৰে-অৰ্ধাহাৰে থাকি বিনিদ্ৰ ৰজনী কটাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে । ইফালে সমাগত বাৰিষাক লৈও অতিশয় উদ্বিগ্ন হৈ পৰিছে ভুক্তভোগীসকল ৷ লগতে যিকোনো মুহূৰ্ততে পুনৰ ধুমুহা-বৰষুণে তাণ্ডৱ চলোৱাৰো আশংকা নুই কৰিব নোৱাৰি ৷ এই দৃশ্য হৈছে কেৱল খেতিখোলা আৰু দিন মজুৰি কৰি জীৱন নিৰ্বাহ কৰা এটা ক্ষতিগ্ৰস্ত পৰিয়ালৰ । ধনৰ অভাৱত তেওঁলোকে খৰধৰকৈ পুনৰ এটা ঘৰ নিৰ্মাণ কৰি ল'বলৈও অসমৰ্থ হৈ পৰিছে ৷ সেয়ে এই ক্ষেত্ৰত চৰকাৰক সহায় কৰিবলৈ কাতৰে প্ৰাৰ্থনা জনাইছে ভুক্তভোগীয়ে ৷
বিশেষকৈ ধেমাজিৰ বিষ্ণুপুৰ গহপুৰীয়াৰ ধৰণী বস্তিত ৰাজেন ভূঞাৰ ঘৰত প্ৰকাণ্ড কঁঠাল গছ উভালি পৰি পকী খুঁটা আৰু কাঠৰ বৰঙা ভাঙি বেয়াকৈ ক্ষতি কৰে ৷ লগতে ১৫ জোপাকৈ তামোল গছো ভাঙি পৰে ৷ অৱশ্যে দৈৱক্ৰমে ৰক্ষা পৰে পৰিয়ালটোৰ লোকসকলৰ প্ৰাণ । আনহাতে, সমগ্ৰ অঞ্চলটোত আন ৬০ টাকৈ ঘৰ কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে । উল্লেখ্য যে ধেমাজি জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিভাগৰ পৰা পোৱা তথ্যমতে, দৈনিক বৃদ্ধি হৈ আছে ক্ষতিগ্ৰস্ত পৰিয়ালৰ সংখ্যা ৷ বৰ্তমানলৈকে কেৱল ধেমাজি ৰাজহ চক্ৰতে 270 টা ঘৰ আংশিকভাৱে বিধ্বস্ত হৈছে আৰু 12 টা সম্পূৰ্ণৰূপে ধ্বংস হৈছে ৷