ETV Bharat / state

প্ৰচণ্ড ধুমুহাত বিধ্বস্ত ধেমাজিৰ বহু অঞ্চল - Hail Storm

শনিবাৰে নিশাৰ ভাগত অহা এজাক বিধ্বংসী ধুমুহা, শিলাবৃষ্টিয়ে তাণ্ডৱ সৃষ্টি কৰে ধেমাজিৰ চমৰাজান আৰু পশ্চিম ধেমাজি ৷

পুৱতি নিশাৰ ধুমুহাত বিধ্বস্ত ধেমাজি
author img

By

Published : Apr 21, 2019, 2:10 PM IST

ধেমাজি, 21 এপ্ৰিলঃ ৰাজ্যত বিহুৰ আনন্দ-উচাহৰ সময়তে শনিবাৰে নিশা এজাক ধুমুহা বৰষুণে তাণ্ডৱ চলালে ধেমাজি জিলাত ৷ জিলাখনৰ চমৰাজান আৰু পশ্চিম ধেমাজিত শনিবাৰে নিশাৰ ভাগত বিস্তৰ ক্ষতিসাধন কৰে বিধ্বংসী ধুমুহা জাকে ৷

পুৱতি নিশাৰ ধুমুহাত বিধ্বস্ত ধেমাজি

পুৱতি নিশা অহা ধুমুহাই সমগ্ৰ অঞ্চলটোত বিস্তৰ ক্ষতিসাধন কৰে ৷ বিশেষকৈ চমৰাজান আৰু পশ্চিম ধেমাজিত বহুসংখ্যক গছ-গছনি ভাঙি পেলোৱাৰ লগতে, বহুকেইটা পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন হয় ৷ ধুমুহাৰ ফলত চমৰাজান 2নং টেঙাপুৰৰ পৰমা চুতীয়া নামৰ ব্যক্তিগৰাকীৰ বাসগৃহটো সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাৰ লগতে তেওঁৰ মাতৃ পুতলী চুতীয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত মহিলাগৰাকীক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ইয়াৰ উপৰিও ধুমুহাৰ ফলত ৰতুৱা অঞ্চলটো প্ৰায় 30টাৰো অধিক পৰিয়ালৰ বাসগৃহ ক্ষতিগ্ৰস্ত হয় ৷

Intro:ধেমাজিত প্ৰচণ্ড ধুমুহাই ধাহি-মুহি নিলে সকলো ::

Body:ধেমাজি , 21, এপ্ৰিল : ৰাজ্যত প্ৰৱল ধুমুহা, শিলাবৃষ্টিয়ে একপ্ৰকাৰ তাণ্ডৱ নৃত্যৰ সৃষ্টি কৰি অহাৰ সময়তে শনিবাৰে নিশা অহা এজাক প্ৰচণ্ড ধুমুহাই ধেমাজিৰ চমৰাজান আৰু পশ্চিম ধেমাজিত গছ গছনি ভঙাৰ লগতে প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰে । ধুমুহাত চমৰাজানৰ ২ নং টেঙাপুৰ ৰ পৰমা চুতীয়া বাসগৃহ সম্পূৰ্ণৰূপে বিৱবস্ত কৰাৰ লগতে তেওঁৰ বৃদ্ধা মাতৃ পুতলী তেতিয়া গুৰুত্বভাৱে আহত হোৱাত চিকিৎসাধুন হবলগীয়া হৈছে । সেইদৰে ৰতুৱা অঞ্চলৰ বিজয় চেতিয়া , তিলেন শ ইকীয়াকে ধৰি গাঁওখনৰ ৩০ ৰো অধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ।

byte..1.&2

Pradunya Bharali , Dhemaji , Assam.21/4/2019

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.