ETV Bharat / state

ধেমাজিৰ বৰধামত গাই নদীয়ে ছিঙিলে মথাউৰি - গাই নদীৰ সংহাৰী বান

গাই নদীৰ সংহাৰী বানে ধেমাজিৰ বৰধাম অঞ্চলত থকা মাথাউৰি ছিগি নিয়াৰ বাবে সম্প্ৰতি হাহাকাৰ পৰিস্থিতৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি এই পৰ্যন্ত সেই স্থানত উপস্থিত হোৱা নাই কোনো উদ্ধাৰকাৰী দল ৷

ধেমাজিত গাই নদীয়ে ছিগিলে মথাউৰি
ধেমাজিত গাই নদীয়ে ছিগিলে মথাউৰি
author img

By

Published : Jun 21, 2020, 2:04 PM IST

ধেমাজি, 21 জুনঃ দেওবাৰে পুৱা প্ৰয়া 9 বজাত ধেমাজিৰ বৰধাম অঞ্চলত থকা মাথাউৰি ছিঙি নিয়ে গাই নদীৰ সংহাৰী বানে ৷ ফলত এক হাহাকাৰ পৰিস্থিতৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, মথাউৰিটো ছিগো-ছিগো অৱস্থা হৈ থকাৰ সময়তো বিভাগীয় কৰ্তৃপক্ষই নল'লে কোনো ধৰণৰ ব্যৱস্থা ৷ আনকি এই পৰ্যন্ত কোনো উদ্ধাৰকাৰী দলো সেই স্থানত উপস্থিত হোৱা নাই ৷

ধেমাজিৰ বৰধামত গাই নদীয়ে ছিগিলে মথাউৰি

মথাউৰিটো ভগাৰ ফলত অঞ্চলটোৰ প্ৰায় 40 খন গাঁও প্লাৱিত হোৱা বুলি জানিব পৰা গৈছে ৷ স্থানীয় ৰাইজৰ দাবী যাতে অতি শীঘ্ৰেই অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই এই বান বিধ্বস্ত এলেকাটোৰ ৰাইজৰ বাবে মাথাউৰিটো পুনৰ নিৰ্মাণ কৰি দিয়ে ৷ কিয়নো এই বিধ্বংসী বানৰ বাবে ইতিমধ্যেই সৰ্বাস্বান্ত হৈছে অঞ্চলটোৰ কেইবাটাও পৰিয়াল ৷

লগতে পঢ়কঃ ডিব্ৰুগড়ত খহনীয়াৰ ভয়ংকৰ ৰূপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.