ধেমাজি,10 নৱেম্বৰ: অহা ১-২ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে ধেমাজি হাতীগড় লাচিত খেলপথাৰত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় চ্যুকাফা দিৱস আৰু আহোম জাতীয় মহা অভিৱৰ্তন ৷ সেই উপলক্ষে মংগল বাৰে হাতীগড় লাচিত খেলপথাৰত স্থাপন কৰা হয় লাইখুঁটা ৷ সম্পূৰ্ণ আহোম ৰীতি নীতিৰে স্থাপন কৰা হয় লাইখুঁটা ৷

লাইখুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে বহুকেইজন বিশিষ্ট ব্যক্তি ৷ কেন্দ্ৰীয় চ্যুকাফা দিৱস আৰু আহোম জাতীয় মহা অভিৱৰ্তন অনুষ্ঠানটোত আহোম জনগোষ্ঠীয় লোক সকলক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই লাইখুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিকেইগৰাকীয়ে ৷
লগতে পঢ়ক: তিৱা ছাত্ৰ সন্থাৰ মধ্য অসম বন্ধত স্তব্ধ নগাওঁ জিলাৰ কঠীয়াতলী