ETV Bharat / state

অসম-অৰুণাচল সীমান্তৰ বিবদমান ভূমি পৰিদৰ্শন বনমন্ত্ৰীৰ

author img

By

Published : Jul 3, 2021, 12:33 PM IST

অসম-অৰুণাচল সীমান্তত সীমা বিবাদক লৈ অব্যাহত আছে উত্তেজনা ‌। অসমৰ ভূমিত আধিপত্য বিস্তাৰৰ চেষ্টা চলাই অহা নগাৰ পাচতে এইবাৰ অৰুণাচলীৰ আগ্ৰাসনৰ ঘটনা পোহৰলৈ অহাৰ পাচতে শুকুৰবাৰে ধেমাজিৰ সীমান্তৱৰ্তী বিবদমান ভূমি জয়ৰামপুৰ-চিলনীবস্তিত উপস্থিত হয় ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷

Forest Minister visits Assam-Arunachal border's dispute land
অসম-অৰুণাচল সীমান্তৰ বিবাদমান ভূমি পৰিদৰ্শন বনমন্ত্ৰীৰ

ধেমাজি, 3 জুলাই : দীৰ্ঘদিনৰ পৰা অসম-অৰুণাচল সীমান্তত সংঘটিত হৈ আহিছে ভূমি বিবাদ ৷ প্ৰায়ে অসমৰ ভূমিত আধিপত্য বিস্তাৰৰ চেষ্টা চলাই আহিছে অৰুণাচলী দুৰ্বৃত্তই ৷ সম্প্ৰতি অসম-অৰুণাচল সীমান্তত অব্যাহত আছে সীমা বিবাদ ৷ তাৰ মাজতে ধেমাজিৰ সীমান্তৱৰ্তী বিবাদমান ভূমি জয়ৰামপুৰ-চিলনীবস্তিত শুকুৰবাৰে উপস্থিত হয় ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷

বিবদমান ভূমি পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে অসমৰ ভূমিত গছপুলি ৰোপণ কৰে ৷ সীমান্তত থকা অসমীয়া লোকসকলে দীৰ্ঘদিন ধৰি অৰুণাচলীৰ সৈতে সু-সম্পৰ্ক থকা বুলি মন্তব্য কৰাৰ বিপৰীতে অৰুণাচলী লোকে নিজৰ মাটি বুলি দাবী কৰা পৰিৱেশত বনমন্ত্ৰী গৰাকীয়ে কৌশলী মন্তব্য দি আশ্বস্ত কৰা দেখা যায় ৷ কিছুদিনৰ পূৰ্বে সীমান্তৱতী জয়ৰামপুৰ অঞ্চলৰ কেঁচাকাঠনি আৰু চিলনীবস্তিৰ শূন্য কিল’মিটাৰ ভূমিক লৈ বেদখলৰ ঘটনা সংঘটিত হৈছিল ।

উক্ত স্থানত অসম চৰকাৰৰ ধেমাজিৰ বন বিভাগৰ অধীনত থকা এখন সংৰক্ষিত বনাঞ্চলৰ বহু মূল্যৱান গছ-গছনি অৰুণাচলী লোকে কাটি ধংস কৰি ভূমি বেদখলৰ চেষ্টা চলায় ।

পৰৱৰ্তী সময়ত জয়ৰামপুৰৰ বন বিভাগৰ লোকৰ সৈতে বেদখলকাৰীৰ তৰ্ক-বিতৰ্কৰ লগতে হতাহতিৰ ঘটনা হয় । এই সকলো সমস্যাৰ বুজ ল'বলৈ উক্ত স্থানত অসমৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত হয় । মন্ত্ৰীগৰাকীয়ে আইনৰ মাজেৰে সকলো সমস্যা শীঘ্ৰে সমাধান হ’ব বুলি মন্তব্য প্ৰদান কৰে । এই ভ্ৰমণ কাৰ্যসূচীত মন্ত্ৰীগৰাকীক সংগ দিয়ে জোনাইৰ বিধায়ক ভূৱন পেগুকে ধৰি বন বিভাগৰ বিষয়ববীয়াসকলে ৷

আনহাতে, কিছুদিনৰ পূৰ্বে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বৰঝাৰণি গাঁও পঞ্চায়তৰ অধীনৰ ভৰালীজুলীত অৰুণাচলীৰ আগ্ৰাসনৰ ঘটনা পোহৰলৈ আহিছিল ৷ 20/30 জনীয়া এটা অৰুণাচলী লোকৰ দলে অসমৰ ভূমিত প্ৰৱেশ কৰি ভৰালীজুলিত বসবাস কৰি থকা লোকসকলক ভাবুকি দিয়াৰ লগতে ঘৰ-দুৱাৰ ভাঙি উক্ত ঠাই খালী কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু যোৱা 20 জুনত অৰুণাচলী দুৰ্বৃত্তৰ এটা দলে নিশাৰ ভিতৰতে অসমৰ ভূমিত থকা খিলঞ্জীয়াৰ কেইবাটাও পৰিয়ালৰ ঘৰৰ জ্বলাই দিয়াৰ অভিযোগ উঠিছে ।

লগতে পঢ়ক: গোলাঘাটত লক ডাউনৰ সম্ভাৱনাৰ ইংগিত স্বাস্থ্য মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.