ETV Bharat / state

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বান সাহায্য বিতৰণ

মানুহে মানুহৰ বাবে কথাষাৰ সাৰোগত কৰি ওলাই আহিছে ইজনে আনজনৰ বাবে ৷ ক'ৰবাত যদি চ'ছিয়েল মিডিয়া গোটে সাহায্য বিতৰণ কৰিছে আন ক'ৰবাত আকৌ সাহায্য বিতৰণ কৰিছে ছাত্ৰ-ছাত্ৰীৰ গোটে ৷

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বান সাহাৰ্য বিতৰণ
author img

By

Published : Aug 5, 2019, 3:41 PM IST

নিউজ ডেক্স,5 আগষ্টঃ ৰাজ্যখনৰ ঠায়ে ঠায়ে বানৰ মহাপ্ৰলয় ৷ লাখ লাখ জনসাধাৰণৰ সৰ্বস্ব জাহ গৈছে এই মহাপ্ৰলয়ংকাৰী বানত ৷ এই সকলৰ আৰ্তনাদ শুনি বহুজন ওলাই আহিছে তেওঁলোকক সহায়ৰ বাবে ৷ বিভিন্ন দল সংগঠনৰ লগতে জনপ্ৰিয় চ'ছিয়েল মিডিয়া ফেচবুকৰ বিভিন্ন গ্ৰুপো ওলাই আহিছে বানপীড়িতক সাহায্যৰ বাবে ৷ দেওবাৰে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ গোট " লগৰীয়া ৯৯"-ৰ উদ্যোগত যোৰহাটৰ উপকন্ঠৰ দক্ষিণ মাজুলীৰ অন্তৰ্গত বাঘমৰা,বক্সি চাপৰি,ঘিটিঙ চাপৰি আৰু ভেকেলি চাপৰিৰ প্ৰায় ১৫০ টা বানাক্ৰান্ত পৰিয়ালৰ মাজত বিতৰণ কৰা হয় বান সাহায্য ৷ প্ৰাক্তন ছাত্ৰ গোটটিয়ে সাহায্যত নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ লগতে চেনিটেৰী পেড,ব্লিচিঙ, ফেনাইল ইত্যাদিও বিতৰণ কৰে।

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বান সাহাৰ্য বিতৰণ
ইফালে জোনাইত"প:পৃৰ" নামৰ ফেচবুক গোটটোৱে ৩৫০ টা বনাৰ্ত্য পৰিয়ালক প্ৰদান কৰে বান সাহায্য ৷ "প:পৃৰ" গোটৰ সংগৃহীত আৰ্থিক বৰঙণি আৰু জোনাই জামে মচজিদৰ লগতে শুভাকাংক্ষী বেবী বেগম আৰু নেইনা খাতুনৰ বৰঙণিৰে কেণ্ডেল,নেপকিন,কইল, ধূপ,কাপোৰ ধোৱা চাবোন,গা ধোৱা চাবোন,বিস্কুট,জুইশলা,চাহপাত,মিঠাতেল আদি প্ৰয়োজনীয় ঘৰুৱা সামগ্ৰী আগবঢ়োৱা হয় ৩৫০ টা পৰিয়ালক ৷

Intro:Body:জোনাইত কেৱল মিচিং জনজাতীয় মহিলাসকলৰ বাবে "প:পৃৰ" ফেচবুক গোটৰ ৩৫০ টা বৰ্ন্যাত পৰিয়ালক বান সাহাৰ্য্য প্ৰদান

জোনাই ৪ আগষ্ট

চিয়াং লালী, নদীৰ প্ৰলঙ্কাৰী বানত প্ৰায় এমাহ ধৰি সৰ্বস্বান্ত হোৱা জোনাই ৰাজহ চক্ৰৰ ৰাভা কাঠনি, ৰাভা হাছং, ৰাভা মিচিং, মালভোগ, ১ নং শান্তিপুৰ ২ নং শান্তিপুৰ কে ধৰি আঠখন বান বিধ্বস্ত গাঁও কেইখনৰ ৩৫০ টা বৰ্ন্যাত পৰিয়ালৰ মাজত আজি জোনাইৰ কেৱল মিচিং জনজাতীয় মহিলাসকলৰ বাবে ফেচবুক গোট "প:পৃৰ" ৰে বান সাহাৰ্য্য প্ৰদান কৰা হয় | ২০১৯ চনৰ ৮ মাৰ্চত আন্তৰ্জাতিক দিৱসৰ দিনা কেৱল মিচিং জনজাতীয় মহিলাসকলৰ বাবে ফেচবুক গোট "প:পৃৰ" নামে ভৱানী পেগু, নিৰ্মালী পেগু, ইলা লাচন, নয়নতৰাৰ নেতৃত্বত গঠন কৰে| "প:পৃৰ" গোটৰ সংগৃহীত আৰ্থিক বৰঙণি আৰু জোনাই জামে মদজিদ লগতে শুভাকাংক্ষী বেবী বেগম আৰু নেইনা খাতুনৰ বৰঙনিৰে কেণ্ডেল, নেপকিন, কইল, ধূপ, কাপোৰ ধোৱা চাবোন, গা ধোৱা চাবোন, বিস্কুট, জুইশলা, চাহপাত, মিঠাতেল আদি প্ৰয়োজনীয় ঘৰুৱা সামগ্ৰী ৩৫০ টা পৰিয়ালক বান সাৰ্হায্য আগবঢ়োৱা হয়| আনহাতে ইয়াৰ পূৰ্বে ফেচবুক "প:পৃৰ" গোটে ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০ শতাংশ পোৱা ছাত্ৰ ছাত্ৰীক ডিব্ৰুগড় কানাই মহাবিদ্যালয় প্ৰেক্ষাগৃহত সম্বৰ্ধনা জনায়, মিচিং আগম কেবাঙত দুবাৰকৈ সভাপতি আসনত থকা প্ৰাক্তন সভাপতি চন্দ্ৰ কান্ত লাচনৰ সোঁৱৰণীত প্ৰকৃতিক সেউজীয়া কৰি ৰখাৰ উদ্দেশ্যে গছপুলি ৰোপন, আন্তৰ্জাতিক নাৰী দিৱসত বগীবিল কাৰেং চাপৰিত বৃক্ষৰোপন আৰু ডিব্ৰুগড় মইনা মিৰি গাঁৱত ১২০ টা পৰিয়ালক বান সাহাৰ্য্য প্ৰদান কৰে | আজিৰ বান সাহাৰ্য্য আগবঢ়োৱা অভিযানত কেৱল মিচিং জনজাতীয় মহিলাসকলৰ বাবে ফেচবুক গোট "প:পৃৰ” ৰ প্ৰনিতা পাৱ, দিতিমনি টায়ে, বিনিতা চাৰহ, বন্তি টায়ে, পাপুলি কুম্বাং, ডিম্পল টায়ে, ৰেমি লাগাছু, তনয়া পেগু মেদক, চিলাপথাৰৰ অমিলতা টায়ে, প্ৰিয়ংকা খুলি লগতে জোনাইৰ "প:পৃৰ" গোটৰ সকলো সদস্যা, জেষ্ঠ মহিলা গুণৱতী বড়ি, সুশীলা পেগু, বিনা দলে, জোনাইৰ জোনাই বালিকা মহাবিদ্যালয়ৰ কনিষ্ঠ উপাধক্ষ্য মৃদুল টায়ে, ধেমাজি জিলাৰ আছুৰ সহকাৰী সাধাৰণ সম্পাদক দীপক বৰগোহাঁই, পূৰ্ণ, সহযোগিতা আগবঢ়োৱায়| "প:পৃৰ" গোটৰ এনে বান সাহাৰ্য্য প্ৰদানৰ প্ৰচেষ্টাক বৰ্ন্যাতলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে|

কৰবী দলে জোনাই

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.