ETV Bharat / state

জোনাইত বানপীড়িতৰ মাজত আছুৰ বান সাহায্য বিতৰণ

author img

By

Published : Jul 17, 2020, 2:07 PM IST

Updated : Jul 17, 2020, 3:55 PM IST

জোনাইৰ বেৰাচাপৰিৰ বানপীড়িত অঞ্চলৰ দহ খন গাঁৱত প্ৰায় ৫ শতাধিক বন্যাৰ্ত পৰিয়ালক বান সাহায্য প্ৰদান কৰে জোনাই মহকুমা ছাত্ৰ সন্থাই ৷

Flood relief distributed by AASU at Jonai
জোনাইত বানপীড়িতৰ মাজত আছুৰ বান সাহায্য বিতৰণ

জোনাই,17 জুলাই : জোনাইত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বাৰিষাৰ বানে ৷ বানৰ কৱলত পৰিছে ধেমাজি জিলাৰ প্ৰায় 5 শতাধিক পৰিয়াল ৷ কিন্তু প্ৰশাসন তথা চৰকাৰৰ পৰা উপযুক্ত সুবিধা তথা সাহায্য লাভ কৰা নাই সেই সকল বানপীড়িত ৰাইজে ৷ যাৰ বাবে বৃহস্পতিবাৰে জোনাইৰ বেৰাচাপৰি বানপীড়িত অঞ্চলৰ দহ খন গাঁৱত প্ৰায় ৫ শতাধিক বন্যাৰ্ত পৰিয়ালক বান সাহায্য প্ৰদান কৰে জোনাই মহকুমা ছাত্ৰ সন্থাই ৷ উল্লেখ্য যে, জোনাই মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত সহযোগত আলু , দাইল, মিঠাতেল, বিস্কুট, সৰু লৰা ছোৱালীৰ কাপোৰ-কানিকে আদি কৰি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে ধেমাজি জিলা ছাত্ৰ সন্থাই ৷

এই সাহাৰ্য বিতৰণ অনুষ্ঠানতে বিজেপি নেতৃত্বৰ মিত্ৰজোঁটৰ চৰকাৰৰ জনবিৰোধী কাম-কাজক ক্ষুৰধাৰ সমালোচনা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি চিত্ৰৰঞ্জন বসুমতাৰীয়ে ৷ লগতে বানক্ৰান্ত ৰাইজৰ মাজত প্ৰশাসনৰ ফালৰ পৰা যোগান ধৰা খাদ্য সামগ্ৰী আৰু সাহায্যৰ নামত ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন কৰে সভাপতি গৰাকীয়ে ৷

ইয়াৰ ওপৰিও আগন্তুক খৰালি কালত যদিহে অসম চৰকাৰ আৰু জলসস্পদ বিভাগে ঐৰামঘাটৰ পৰা চেঙাজানলৈ বিজ্ঞান সন্মতভাৱে মথাউৰি আৰু ব'ল্ডাৰ স্পাৰ নকৰে তেন্তে সদৌ অসম ছাত্ৰ সন্থাই জোনাইৰ বানপীড়িত ৰাইজৰ সহযোগত বেৰাচাপৰিত মথাউৰি নিৰ্মাণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি চিত্ৰৰঞ্জন বসুমতাৰীয়ে ৷ জোনাইত ভূৱন পেগু ১০ বছৰ বিধায়ক হ'ল, প্ৰদান বৰুৱা ১৫ বছৰ জোনাইৰ বিধায়ক হৈ সাংসদো হ'ল কিন্তু জোনাই সমষ্টিৰ বাবে কোনো বান গৰাখহনীয়াৰ স্থায়ী সমাধানৰ কাম নকৰিলে বুলি অভিযোগ উত্থাপন কৰে চিত্ৰৰঞ্জন বসুমতাৰীয়ে ৷ উক্ত সাহাৰ্য বিতৰণ অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিবাহক সদস্য মন্টুৰাজ বৰুৱা, ধেমাজী জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মা, উপ সভাপতি ৰাজীৱ গগৈ,সহকাৰী সাধাৰণ সম্পাদক সঞ্জীৱ দাস, মুখ্য সাংগঠনিক সম্পাদক দিলীপ কুটুম, বিত্ত সম্পাদক জগদীশ কছাৰীকে প্ৰমুখ্য কৰি জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷

লগতে পঢ়কঃ বানৰ কৱলত ৰাজ্যৰ 27 খন জিলা

Last Updated : Jul 17, 2020, 3:55 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.